অসম

assam

ETV Bharat / state

নগাঁৱত স্কুটি লাভৰ পৰা বঞ্চিত ছাত্ৰীৰ প্ৰতিবাদ - Scooti deprived students protest in Nagaon

শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটি প্ৰদান কৰাৰ আশ্বাস দি প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্কুটি লাভ নকৰা ছাত্ৰীয়ে ৷

নগাঁৱত স্কুটি বঞ্চিত ছাত্ৰীৰ প্ৰতিবাদ
নগাঁৱত স্কুটি বঞ্চিত ছাত্ৰীৰ প্ৰতিবাদ

By

Published : Feb 15, 2021, 2:27 PM IST

নগাঁও, 15 ফেব্ৰুৱাৰী: কলেজীয়া ছাত্ৰীক স্কুটি প্ৰদানৰ নামত ৰাজনৈতিক টোপ দিয়াৰ অভিযোগ উত্থাপন কৰি নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে কলেজীয়া ছাত্ৰীয়ে। শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটি প্ৰদান কৰাৰ আশ্বাস দিয়া বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়ে স্কুটি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

নগাঁৱত স্কুটি বঞ্চিত ছাত্ৰীৰ প্ৰতিবাদ

সোমবাৰে নগাঁও মহাবিদ্যালয় চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰি উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পিছতো স্কুটি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰীসকলে। 2019 বৰ্ষৰ ছাত্ৰীক স্কুটি প্ৰদান নকৰাক লৈও ক্ষোভিত হৈ পৰে ছাত্ৰীসকল। স্কুটি প্ৰদানৰ নামত চৰকাৰে ৰাজনৈতিক টোপ দিয়া বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ছাত্ৰীসকলে।

লগতে পঢ়ক:আমগুৰিৰ চাহ শ্ৰমিকৰ ভোট বৰ্জনৰ হুংকাৰ

ABOUT THE AUTHOR

...view details