অসম

assam

ETV Bharat / state

কলিয়াবৰত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ আধাৰশিলা স্থাপন - ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

দেওবাৰে শিল্পী দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সমীপৰ শ্ৰৱণী সত্ৰত স্থাপন কৰিবলৈ লোৱা কলিয়াবৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ আধাৰশিলা স্থাপন কৰা হয় ৷ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

Science Centre Planetarium at Kaliabo
কলিয়াবৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

By

Published : Jan 17, 2021, 5:07 PM IST

কলিয়াবৰ, 17 জানুৱাৰী :সমগ্ৰ ৰাজ্যতে দেওবাৰে পালন কৰা হৈছে ৰূপান্তৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস ৷ সেই অনুসৰি নগাঁও কলিয়াবৰতো দিনযোৰা কাৰ্যসূচীৰে দেওবাৰে পালন কৰা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস ৷

উল্লেখ্য যে, এই দিৱসৰ লগত সংগতি ৰাখি কলিয়াবৰৰ হাটবৰস্থিত কলিয়াবৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সমীপৰ শ্ৰৱণী সত্ৰত স্থাপন কৰিবলৈ লোৱা কলিয়াবৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ আধাৰশিলা স্থাপন কৰা হয় ৷ লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তি তথা তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷

কলিয়াবৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

আধাৰশিলা স্থাপন কৰা পিচতে সাংবাদিক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, 20 কোটি 30 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰকল্পটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আজিৰ যুৱ সমাজৰ মাজত বৈজ্ঞানিক মানসিকাৰ সৃষ্টিত বিশেষ অৰিহণা যোগাব ৷ এই প্ৰকল্পটোৰ অধীনত থাকিব তাৰকা গৃহ, বিজ্ঞান যাদুঘৰ, বিজ্ঞান উদ্যান আদি ৷

ইফালে এই উপলক্ষে কলিয়াবৰৰ অসম বিজ্ঞান সমিতি, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান প্ৰদৰ্শনী তথা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ভ্ৰাম্যমান তাৰকাগৃহ প্ৰদৰ্শন লগতে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও এক বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰা হয় । আনুষ্ঠানত উপস্থিত থাকে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যুটীয়া সচিব কে.চাংছন আৰু ওমৰ আলি বাদশ্বাহ আদি ৷

লগতে পঢ়ক : সংখ্যালঘু প্ৰীতিটো বেয়া কথা নহয়; কিন্তু মিঞা প্ৰীতিটোহে বেয়া: ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details