কলিয়াবৰ, 16 জানুৱাৰী :কলিয়াবৰত নিৰ্মাণ হ’ব বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ ৷ কলিয়াবৰৰ হাটবৰত 17 জানুৱাৰীত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ প্ৰায় বিশ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা হ’ব অত্যাধুনিক বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই শনিবাৰে উল্লেখ কৰে এই কথা ৷ মন্ত্ৰীগৰাকীয়ে এই তাৰকাগৃহটো গুৱাহাটীতকৈ উন্নত মানৰ হ'ব বুলি জানিবলৈ দিয়ে ।
কলিয়াবৰত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপনৰ প্ৰস্তুতি - Science Centre and Planetarium
আধাৰশিলা স্থাপন অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ কলিয়াবৰ শাখা আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান প্ৰদৰ্শনী তথা প্ৰতিযোগিতা, চিত্ৰাঙ্কন প্ৰতিযোগিতা, ভ্ৰাম্যমান তাৰকাগৃহ প্ৰদৰ্শন লগতে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও এক বিজ্ঞান প্ৰদৰ্শনী প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে ।
উল্লেখ্য যে, ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ জৰিয়তে বিজ্ঞান মনস্কতাক সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন পৰিকল্পনা, কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে । এই উদ্দেশ্যৰে হাটবৰৰ কলিয়াবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ শ্ৰৱণী সত্ৰত শিল্পী দিৱসৰ দিনাই বিজ্ঞান প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হ’ব । কলিয়াবৰৰ বিজ্ঞান শিক্ষাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ এই দিনটোক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ বিজ্ঞান অনুৰাগী অনুষ্ঠান-ব্যক্তিয়ে স্থানীয় বিদ্যালয়ৰ সহযোগত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । অসম বিজ্ঞান সমিতিৰ কলিয়াবৰ শাখা আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান প্ৰদৰ্শনী তথা প্ৰতিযোগিতা, চিত্ৰাঙ্কন প্ৰতিযোগিতা, ভ্ৰাম্যমান তাৰকাগৃহ প্ৰদৰ্শন লগতে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও এক বিজ্ঞান প্ৰদৰ্শনী প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে ।
লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ সভাত অখিল গগৈ জিন্দাবাদ ধ্বনি