নগাঁও,৩ নৱেম্বৰ :অসমীয়া কেঁচা সোণৰ গহনাৰ বাবে বিখ্যাত নগাঁৱৰ ৰণথলী গাঁও । ৰণথলীৰ প্ৰায় প্ৰতি ঘৰে ঘৰেই আছে অসমীয়া গহণাৰ ক্ষুদ্ৰ উদ্যোগ । য'ত জড়িত হৈ আছে অধিকাংশই অনুসূচিত জাতিৰ লোক । অসমীয়া গহণাৰ এই উদ্যোগক গতিশীল কৰাৰ উদ্দেশ্যে অসমীয়া গহণাৰ কাৰিকৰসকলক অসম চৰকাৰে অনুসূচিত উন্নয়ণ পৰিষদৰ জৰিয়তে আবণ্টন দিয়া হৈছিল সামগ্ৰীৰ বাবে ধন । যাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছিল কাৰিকৰসকলে।
কিন্তু সামগ্ৰীৰ ধন নামত নগাঁৱৰ ৰণথলীত বৃহৎ দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । নগাঁৱৰ ৰণথলীত অসমীয়া গহণাৰ কাৰিকৰক চৰকাৰে আবণ্টন দিয়া সামগ্ৰীৰ ধনৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে দুই এজন বিজেপি নেতাৰ বিৰুদ্ধে । সন্দেহৰ আৱৰ্তত সোমাই পৰিছে অনুসূচিত জাতি উন্নয়ণ পৰিষদৰ নেতাৰ ভূমিকাও । ২০২০-২১ আৰু ২০২১-২২ ত এই আঁচনিৰ নামত ৰণথলীৰ কাৰিকৰৰ নামত আৱণ্টিত ৩০ লাখ টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় কাৰিকৰসকলে ।