অসম

assam

ETV Bharat / state

ৰূপহীহাটৰ ৰিং বান্ধৰ কামত ব্যাপক অনিয়মৰ অভিযোগ - বৰ্তমানেও উন্মুক্ত হৈ আছে মথাউৰি

ৰূপহীহাটৰ সুঁতিৰপাৰৰ প্ৰায়সমূহ ঠাইত বৰ্তমানেও উন্মুক্ত হৈ আছে মথাউৰি ৷ উপায়ন্তৰ হৈ ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ ৷ যোৱাটো বানত খহনীয়াই ভাঙি পেলোৱা চিতলমাৰি বিলৰ ৰিং বান্ধ বৰ্তমানেও প্ৰায় উন্মুক্ত হৈ থকাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

scam-in-ring-bandh-work-at-rupahihat
ৰূপহীহাটৰ ৰিং-বান্ধৰ কামত ব্যাপক অনিয়মৰ অভিযোগ

By

Published : Jun 15, 2021, 9:12 AM IST

ৰূপহীহাট,15 জুন : বাৰিষা সমাগত ৷ কিন্তু বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠিল এবছৰ পূৰ্বে খহনীয়াত জাহ যোৱা ৰূপহীহাটৰ চিতলমাৰি বিলৰ ৰিং বান্ধটো ৷ যাৰ বাবে এতিয়া আতংকৰ মাজেৰে দিন পাৰ কৰিছে নৈপৰীয়া ৰাইজে ৷ বাৰিষাৰ আগে আগে ৰিং বান্ধৰ কাম সম্পূৰ্ণ নকৰিলে পাঁচখনকৈ ৰাজহ গাঁও সম্পূৰ্ণৰূপে বানৰ কবলত পৰাটো প্ৰায় নিশ্চিত হৈ পৰা অঞ্চলৰ কেইটাৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷

ৰাইজৰ অভিযোগ, ঠিকাদাৰে অতি লেহেমীয়া গতিৰে চিতলমাৰী ৰিং বান্ধৰ জিঅ' বেগৰ কাম আগবঢ়াইছে ৷ লগতে জুৰীয়া সুঁতিৰপাৰস্থিত চিতলমাৰী ৰিং বান্ধৰ জিঅ' বেগৰ কামসমূহত ব্যাপক অনিয়ম তথা দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে ৷

ৰূপহীহাটৰ ৰিং বান্ধৰ কামত ব্যাপক অনিয়মৰ অভিযোগ

চৰকাৰে আৱণ্টন দিয়া বহু লাখ টকাৰ ৰিং বান্ধটোৰ খহনীয়া ৰোধৰ বাবে কৰা জিঅ' বেগৰ কামসমূহত পূৰঠ বাঁহৰ পৰিৱৰ্তে কেৱল মাত্ৰ কুমলীয়া বাঁহহে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷ আনফালে কামসমূহৰ অতি লেহেমীয়া গতিৰ বাবে বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ ইফালে ধিং, শিলঘাট মথাউৰিটো পুনৰ নিৰ্মাণৰ নামত ঠিকাদাৰে বালি-মাটিৰে কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাই তথা মথাউৰি মেৰামতিৰ নামত চৰকাৰে আৱণ্টন দিয়া কোটি কোটি টকা কাৰ পকেটত সোমাল তাৰ তদন্ত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে নৈপৰীয়া ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়কঃবিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ

ABOUT THE AUTHOR

...view details