অসম

assam

ETV Bharat / state

গাঁও পঞ্চায়তৰ কম্পিউটাৰ সহায়কৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

প্ৰধানমন্ত্ৰী আৱাস যোজনা ধনত ব্যাপক খেলিমেলি । কম্পিউটাৰ সহায়ক বীৰেন ডেকা বিৰুদ্ধে অভিযোগ ।

By

Published : Jul 3, 2020, 7:35 PM IST

প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ধন
গাঁও পঞ্চায়তৰ কম্পিউটাৰ সহায়কৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ

বঢ়মপুৰ, 3 জুলাই :কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত শিঙিমাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) আঁচনিত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰিফিউজি কলনি অৰ্থাৎ ৰেম্ব' বস্তিৰ বৃদ্ধ মহিলা প্ৰীতিৰাণী দে'ৰ নামত চলিত বৰ্ষতে এটা প্ৰধানমন্ত্ৰী আৱাস গৃহ আৱন্টিত হৈছিল । আৱন্টিত ধনৰ 32,500 টকা একাউন্টত সোমোৱাৰ তিনিমাহৰ অন্তত পাঁচ হাজাৰ টকা বেংকৰ পৰা আনি ঘৰৰ কাম আৰম্ভ কৰিছিস মহিলাগৰাকীয়ে ৷

গাঁও পঞ্চায়তৰ কম্পিউটাৰ সহায়কৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

কিন্তু, পৰৱৰ্তী পঞ্চায়তৰ কম্পিউটাৰ সহায়ক বীৰেন ডেকাই প্ৰীতিৰাণী দে'ক ঘৰ বনোৱাত বাধা দিয়াৰ লগতে হিতাধিকাৰী একাউণ্ট বন্ধ কৰি দিয়ে । আনহাতে, একে গাঁৱৰে প্ৰীতিলাল দত্ত নামৰ ব্যক্তিজনৰ নামতহে ঘৰটো আৱন্টন হোৱা বুলি কোৱাৰ লগতে হিতাধিকাৰী একাউন্টৰ সকলো ধন বেংক কৰ্মচাৰী কানাই ৰায়ৰ সহযোগত বীৰেন ডেকাই উঠাই নিয়ে বুলি গুৰুতৰ অভিযোগ তুলিছে হিতাধিকাৰীয়ে ।

প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ধন

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, হিতাধিকাৰীৰ একাউন্টত ধন সোমোৱাৰ পিছতো কাৰ গাফিলতিৰ বাবে বঞ্চিত হ'ব লগা হ'ল ৷ প্ৰকৃত হিতাধিকাৰী প্ৰীতিৰাণী দে' নে প্ৰীতিলাল দত্ত সেই সম্পৰ্কত উচিত তদন্তৰ দাবী জনাইছে ভুক্তভোগী বৃদ্ধা মহিলা গৰাকীয়ে ।

লগতে পঢ়ক : কৰিমগঞ্জত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details