অসম

assam

ETV Bharat / state

Scam in mid day meal: পশ্চিম জেঙ্গনি মোক্তাৱ স্কুলত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত শিশু - West Jengni Moktab School

পশ্চিম জেঙ্গনি মোক্তাৱ স্কুলত মধ্যাহ্ন ভোজনৰ নামত চলিছে কি ? চৰকাৰী চাকৰিয়ালক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব দিয়াৰ আঁৰত চলিছে কি ?

West Jengni Moktab School
পশ্চিম জেঙ্গনি মোক্তাৱ স্কুল

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:14 PM IST

পশ্চিম জেঙ্গনি মোক্তাৱ স্কুল

চামগুৰি, ১৩ নৱেম্বৰ : একাংশ লোকৰ বাবেই আজি বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ লঘোণে থাকিব লগা হৈছে কণ কণ ছাত্ৰ-ছাত্ৰী । তাৰেই এক জলন্ত উদাহৰণ হ'ল নগাঁও জিলাৰ জুৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম জেঙ্গনি মোক্তাৱ স্কুল । বিদ্যালয়খনত মধ্যাহ্ন ভোজন প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বিদ্যালয়খনত বিগত কিছুদিন ধৰি ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান নধৰাক লৈ জেঙ্গনি অঞ্চলত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিদ্যালয়খনৰ পৰিচালনা সমিতি নতুনকৈ গঠনৰ পিছৰে পৰা পৰিচালনা সমিতিৰ সভাপতি এমৰাণ হুছেইন আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছৈদুৰ ৰহমানে এক গোপন বুজা-বুজিৰে মধ্যাহ্ন ভোজনৰ নামত আৱণ্টিত সমুদায় ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ কৰাত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হ'বলগা হৈছে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী । বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছৈদুৰে নিজৰ প্ৰভুত্ব খটুৱাই খেয়াল খুচিমতে এগৰাকী চৰকাৰী চাকৰিয়ালক পৰিচালনা সমিতিৰ সভাপতি পদত অধিষ্ঠিত কৰিছে যাতে বিদ্যালয়খনত বিভিন্ন শিতানৰ পৰা আৱণ্টিত ধনসমূহ লুটি-পুটি খাব পৰে। চৰকাৰী চাকৰিয়াল বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হ'লে প্ৰাৰ্থী গৰাকীয়ে কৰ্মৰত বিভাগৰ পৰা আপত্তি বিহীন প্ৰমাণ জমা দিব লাগে ।

এক সূত্ৰ মতে এমৰাণে সেই প্ৰমাণপত্ৰ জমা দিয়া নাই । তেনেস্থলত এজন চৰকাৰী চাকৰিয়ালক পৰিচালনা সমিতিৰ সভাপতি নিযুক্তি দিয়াৰ কি যুক্তি আছে বুলি সচেতন মহলে প্ৰশ্ন কৰিছে । এই বিদ্যালয়খনত অনিয়মীয়া মধ্যাহ্ন ভোজন আৰু মধ্যাহ্ন ভোজন যোগান নধৰাৰ বিষয়ে সাংবাদিকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছৈয়দুৰ ৰহমানক সোধাত বিদ্যালয়খনৰ মধ্যাহ্ন ভোজন বন্ধ ৰখাৰ কথা স্বীকাৰ কৰে ।

লগতে পঢ়ক:Public Protest at Sachal: দীপাৱলীৰ বন্তি জ্বলাই শিলসাঁকোৰ উচ্ছেদিতই কামনা কৰিলে চৰকাৰৰ সুমতি

ABOUT THE AUTHOR

...view details