বটদ্ৰৱা,24 এপ্ৰিল: লক ডাউন আৰু দৰিদ্ৰ পৰিয়ালৰ বিভিন্ন সমস্যাৰ মাজতে বটদ্ৰৱা অসম গ্ৰামীন বিকাশ গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ ৷ দৰিদ্ৰ লোকৰ বাবে অহা চৰকাৰী সাহাৰ্যৰ ধনৰ ওপত একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা পৰিচালকৰ শেন চকু পৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ উল্লেখ্য যে কৰ'ণা ভাইৰাছৰ আতংকত দেশজুৰি লক ডাউন অব্যাহত থকাৰ বাবে বিভিন্ন সমস্যাৰ লগতে তীব্ৰ খাদ্য সংকটত ভুগিছে দেশৰ বহু দৰিদ্ৰ পৰিয়াল ৷ এই অভাৱনীয় সময়ছোৱাত দুবেলা-দুমুঠি আহাৰৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতি বহু পৰিয়ালত ৷ উক্ত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দৰিদ্ৰ লোকসকলৰ একাউণ্টত প্ৰদান কৰিছে চৰকাৰী সাহাৰ্য ৷ কিন্তু সেই ধনৰ ওপৰতো শেনচকু একাংশ অসম গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ ৷
শেহতীয়াকৈ বটদ্ৰৱাত পোহৰলৈ আহিছে তেনে এক ভয়ংকৰ দুৰ্নীতিৰ তথ্য ৷ অভিযোগ অনুসৰি চৰকাৰে প্ৰদান কৰা কৃষকৰ আচঁনি,জনধন যোজনা,বৃদ্ধ পেঞ্চন,উজ্জ্বলা আচঁনিকে ধৰি বিভিন্ন আঁচনিৰ ধনৰাশি আত্মসাৎ কৰাৰ অভিযোগ বটদ্ৰৱাৰ অসম গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰই ৷ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা গ্ৰাহকে ধন উঠালে গ্ৰাহকৰ একাউণ্টৰ পৰা এশৰ পৰা দুশ টকা আত্মসাৎ কৰাৰ অভিযোগ একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি বটদ্ৰৱা অসম গ্ৰামীন বিকাশ বেংকৰ বিষয়া কৰ্মচাৰীৰ সৈতে বটদ্ৰৱা অসম গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ মনোজ কলিতাৰ গোপন বুজাবুজি থকাৰ বাবেই ৰাইজৰ পৰা ধন আত্মসাৎ কৰি আহিছে কেন্দ্ৰটোৱে ৷ উল্লেখ্য যে ঘটনা সন্দৰ্ভত ৰাইজে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে যদিও গ্ৰাহক সেৱা কেন্দ্ৰটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই উৰ্ধতন কৰ্তৃপক্ষই ৷