ৰহা,30 মাৰ্চঃঅনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তনৰ আদৰণি তোৰণ ভাঙি চাৰখাৰ দুৰ্বৃত্তৰ ৷ সততে বিজেপি আৰু ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে সৰৱ হৈ থকাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ সন্থাটোৰ ৷ সেয়েহে আৰক্ষীয়ে দুৰ্বৃত্তক আটক নকৰিলে অধিৱেশনস্থলীৰ পৰাই সমদল কৰি 5 শতাধিক লোকে ৰহা আৰক্ষী থানা ঘেৰাও কৰিব বুলি হুংকাৰ দিয়ে অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি ৰুবুল দাসে ৷
ৰহাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাত অথন্তৰঃ দুৰ্বৃত্তই ভাঙিলে সভাৰ আদৰণি তোৰণ - অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ
আৰক্ষীয়ে দুৰ্বৃত্তক আটক নকৰিলে অধিৱেশনস্থলীৰ পৰাই সমদল কৰি 5 শতাধিক লোকে ৰহা আৰক্ষী থানা ঘেৰাও কৰিব বুলি হুংকাৰ দিয়ে অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি ৰুবুল দাসে ৷
ৰহাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাঃ
উল্লেখ্য যে,আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তন ৷ প্ৰতিনিধি পঞ্জীয়নৰে আৰম্ভ হোৱা অনুষ্ঠানটোত প্ৰতিনিধি শিবিৰ মুকলি কৰে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাই ৷ তাৰপাচতেই অনুষ্ঠানটোত প্ৰথম সাংগঠনিক সমাৰোহ উদ্ধোধন কৰে বিশিষ্ট সাংবাদিক কনক হাজৰিকাই ৷