নগাঁও,16 আগষ্টঃনগাঁও বন বভাগে দেওবাৰে বিয়লি অভিযান চলাই নগাঁৱৰ বিভিন্ন স্থানৰ পৰা দুটাকৈ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ নগাঁও আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত বন বিভাগৰ এটা দলে অতৰ্কিতে অভিযান চলাই নগাঁৱৰ জোকাটিৰ লগতে মাহগুৰি অঞ্চলত ।
অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে নগাঁও বন বিভাগৰ অভিযান - নগাঁও আঞ্চলিক বন সুৰক্ষা বিষয়া
জোকাটিৰ ফজলুল হক নামৰ লোকজনৰ ঘৰতে চলাই থকা অবৈধ কাঠফলা মিল জব্দ কৰাৰ উপৰিও মাহগুৰি অঞ্চলৰ ৰছিদুল হকৰ ঘৰৰ পৰাও এন এটা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷

অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে নগাঁও বন বিভাগৰ অভিযান
জোকাটিৰ ফজলুল হক নামৰ লোকজনৰ ঘৰতে চলাই থকা অবৈধ কাঠফলা মিল জব্দ কৰাৰ উপৰিও মাহগুৰি অঞ্চলৰ ৰছিদুল হকৰ ঘৰৰ পৰাও এন এটা মিল জব্দ কৰিবলৈ সক্ষম হয় । অভিযানৰ সময়ত কাঠমিল দুটাৰ গৰাকী পলায় যাৱলৈ সক্ষম হয় । ইতিমধ্যে অবৈধভাৱে কাঠমিল চলোৱা লোক দুজনৰ বিৰুদ্ধে বন বিভাগৰ লোকে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ সমাপ্ত হ’ল এক বৰ্ণিল অধ্যায়ৰ : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় ধোনীৰ