অসম

assam

ETV Bharat / state

হেৰাই যাব নেকি সাউদ ভোলানাথ বৰুৱাৰ স্মৃতি ? - ঐতিহ্যমণ্ডিত বিদ্যালয়খন

পুৰণিগুদাম বৰুৱা চুকস্থিত সাউদ ভোলানাথ বৰুৱা স্মৃতি বিজড়িত আদৰ্শ বিদ্যালয়খন আন বিদ্যালয়ৰ লগত সংগলগ্ন নকৰিবৰ বাবে চৰকাৰলৈ আহ্বান জনায় ৰাজহুৱা সভা অনুষ্ঠিত ৷ অসমৰ বৰেণ্য ব্যক্তিৰ গৰাকীৰ স্মৃতি নিচিহ্ন হৈ যোৱাৰ শংকাত ভুগিছে পুৰণিগুদামবাসীয়ে ৷

saud-bholanath-baruah-school-amalgamations-etv-bharat-news
নিচিহ্ন হোৱাৰ পথত সাউদ ভোলানাথ বৰুৱা স্মৃতি বিজড়িত এখন বিদ্যালয়

By

Published : Aug 29, 2021, 8:13 PM IST

চামগুৰি, 29 আগষ্ট :নগাঁও জিলাৰ পুৰণিগুদাম মিকিৰহাট বৰুৱা চুকস্থিত সাউদ ভোলানাথ বৰুৱা আদৰ্শ বিদ্যালয়খন সমীপৱৰ্তী পুৰণিগুদাম বালিকা বিদ্যালয়ৰ লগত সংগলগ্ন কৰিব বিচৰা সিদ্ধান্ত সম্পৰ্কত বিদ্যালয় প্ৰাংগণতে অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ।

সাহিত্যিক পেঞ্চনাৰ, শিক্ষাবিদ, ফনীন্দ্ৰ নাথ গায়নৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত ঐতিহ্যমণ্ডিত বিদ্যালয়খন সংগলগ্ন কৰা বিষয়টোক সভাত উপস্থিত থকা সকলোৱে একেমুখে বিৰোধিতা কৰে ।

উল্লেখযোগ্য যে, সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত পৰিচিত পুৰণিগুদামৰ এইগৰাকী শিক্ষান্বেষী ব্যক্তি তথা বিশিষ্ট ব্যৱসায়ীয়ে সমাজৰ বিভিন্ন দিশত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিল । সেই গৰাকী সাউদ ভোলানাথ বৰুৱাৰ নামত থকা বিদ্যালয় খন আন এখন বিদ্যালয়ৰ লগত সংলগ্ন কৰা বিষয়টোক সহজভাৱে ল’ব পৰা নাই পুৰণিগুদামবাসীয়ে ৷

নিচিহ্ন হোৱাৰ পথত সাউদ ভোলানাথ বৰুৱা স্মৃতি বিজড়িত এখন বিদ্যালয়

লগতে পঢ়কঃ মেট্রিকত অনুত্তীর্ণ ৩০,২৮৮ গৰাকী শিক্ষার্থীৰ ২২ হাজাৰে বহিব বিশেষ পৰীক্ষাত

বিদ্যালয়খন সংলগ্ন কৰাৰ পৰিৱৰ্তে অঞ্চলৰ আন প্ৰাথমিক বিদ্যালয় সমূহ আনি এই বিদ্যালয়খনৰ লগত একগোট কৰি এখন আদৰ্শ প্ৰাথমিক বিদ্যায়ল হিচাপে গঢ়ি তুলিবলৈ চৰকাৰলৈ আহ্বান জনাইছে পুৰণিগুদামবাসীয়ে ৷

পুৰণিগুদামবাসীৰ আহ্বান অসমৰ বিভিন্ন সামাজিক ক্ষেত্ৰখনত বিশেষ বৰঙণি আগবঢ়াই অহা সাউদ ভোলানাথ বৰুৱা নামত বৃহত্বৰ পুৰণিগুদাম অঞ্চলত যিহেতু অন্য কোনো স্মৃতি জড়িত অনুষ্ঠান নাই, তেনেস্থলত এই বিদ্যালয়খন নিচিহ্ন হৈ যোৱা বিষয়টোক সহজভাৱে মানি ল'ব পৰা নাই অঞ্চলবাসীয়ে ৷

লগতে পঢ়কঃ আৰ্থিক দৈন্যতাই কন্দুৱাইছে ৰিল লাইফৰ ‘চুৰেণ’ক...

একমাত্ৰ এই বিদ্যালয়খনেই সাউদ ভোলানাথ বৰুৱাৰ স্মৃতি পুৰণিগুদামত জীয়াই ৰাখিছে । এই বিদ্যালয়খন বিলুপ্ত হ’লে অসমৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ স্মৃতি হেৰাই যাব বুলি শংকা প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজে ৷ উল্লেখযোগ্য যে, ১৮৫০ চনত পুৰণিগুদামত জন্ম গ্ৰহণ কৰা সাউদ ভোলানাথ বৰুৱাই জীৱন কালত ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰা সমস্ত ধন শিক্ষাৰ নামত দান কৰিছিল ।

অসম চৰকাৰক প্ৰাথমিক শিক্ষা প্ৰসাৰৰ বাবে এশ কোটি টকাৰ সম্পদ দান কৰি থৈ ১৯২৩ চনত মৃত্যু বৰণ কৰিছিল এইগৰাকী বৰণ্য ব্যক্তিয়ে । মৃত্যুৰ পূৰ্ৱে কেৱল সম্পত্তি দান কৰাই নহয় ১৯২১ চনত যোৰহাটত প্ৰিন্স অৱ ৱেলচৰ নামত অসমৰ একমাত্ৰ কাৰিকৰী শিক্ষানুষ্ঠানখন স্থাপন কৰিবলৈ তেতিয়াৰ বৃটিছ চৰকাৰক এক লাখ টকা দান দিছিল ।

সম্প্ৰতি ১৯৪০ চনতে প্ৰতিষ্ঠা কৰা সাউদ ভোলানাথ বৰুৱা আদৰ্শ বিদ্যালয়খন অসম চৰকাৰৰ শিক্ষা বিভাগে আন বিদ্যালয়ৰ লগত সংলগ্ন কৰিব বিচৰা সিদ্ধান্ত স্থানীয় সচেতন মহলে সহজভাৱে ল'ব পৰা নাই আৰু উক্ত বিষয়টো বিবেচনা কৰিবলৈ শিক্ষা বিভাগক আহ্বান জনাইছে ৷ এতিয়া সময়তহে লক্ষণীয় হ’ব পুৰণিগুদামবাসীৰ আহ্বানক কেনেদৰে গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়কঃ ফণীধৰ তালুকদাৰ বিজেপি গমনক লৈ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details