নগাঁও, বঢ়মপুৰ,8 নৱেম্বৰঃ ধোঁৱা চাঙত উঠিল কেন্দ্ৰীয় চৰকাৰৰসবকা সাথ সবকা বিকাশনীতি ৷ ইটোৰ পাছত সিটোকৈ নতুন নতুন দুৰ্নীতি ফাদিল হৈ আছে যদিও বৰ্তমানেও কুম্ভকৰ্ণ নিদ্ৰাত আছে বিভাগীয় কৰ্তৃপক্ষ ৷ এইবাৰ বিনামূলীয়াবিদ্যুৎ যোগানৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ ঠিকাদাৰ ৰূপী বিজেপি কৰ্মীৰ বিৰুদ্ধে ৷ ভাৰতৰ ২০.40 লাখ খন গাঁৱৰ প্ৰতিঘৰ গৃহস্থক বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ লক্ষ্য লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰীৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে 2018 চনৰ জানুৱাৰী মাহত আৰম্ভ কৰা হৈছিল "সৌভাগ্য" নামৰ এখন অভিলাসী আঁচনি ৷ কিন্তু অসমত বিজেপি দলৰ একাংশ দালালৰূপী ঠিকাদাৰে এই আঁচনিক লৈ চলাই আছে ৰমৰমীয়া অবৈধ বেহা ৷ বিদ্যুৎ সংযোগ দিয়াৰ নামত হিতাধিকাৰীৰ পৰা তিনি হাজাৰকৈ টকা সংগ্ৰহ কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিজেপি দলৰ একাংশ ঠিকাদাৰৰ বিৰুদ্ধে ৷
প্ৰধানমন্ত্ৰীৰ "সৌভাগ্য" আঁচনিৰ নামত ৰাজ্যত চলিছে ব্যাপক দুৰ্নীতি - saubhagya scheme corruption in assam
স্বাধীনতাৰ 72 টা বছৰ অতিক্ৰম কৰাৰ পাছতো বিদ্যুতৰ সুবিধা নাপালে ৰাজ্যৰ বহুকেইখন গাঁৱে ৷ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ নামত টকা আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰৰূপী বিজেপি কৰ্মীৰ বিৰুদ্ধে ৷
আজিও বিদ্য়ুৎ সেৱাৰ পৰা বঞ্চিত বহু কেইখন গাঁৱৰ ৰাইজ
ৰহা সমষ্টিৰ প্ৰমিলা জাৰনি,আলিবস্তী,কাঠনি,বেলতল আদি গাঁৱত ঠিকাদাৰ ৰূপী বিজেপি কৰ্মী যাদৱ ভূঞাৰ বিৰুদ্ধে উত্থাপন ধন আত্মসাতৰ অভিযোগ ৷ টকা দিয়াৰ এবছৰ পিছতো ৰাইজে নাপালে বিদ্যুৎ সংযোগ ৷ কেৱল ট্ৰেন্সফৰ্মাৰ স্থাপনতে সন্তুষ্ট হ'ব লগা হ'ল হিতাধিকাৰী ৷ মধ্যভোগী দালালৰ লালসাৰ বাবেই ডিজিটেল ইণ্ডিয়াৰ যুগত আজিও বিদ্যুতৰ অভাৱত টিপ চাকিৰ পোহৰতেই দিন কটাব লগা হৈছে এই সমূহ অঞ্চলৰ ৰাইজে ৷
লগতে পঢ়কঃ বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল