অসম

assam

ETV Bharat / state

নগাঁৱৰ জামুগুৰিত সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন - নগাঁৱৰ জামুগুৰিত সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন

দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁৱৰ বেবেজীয়াৰ জামুগুৰিত উদযাপন কৰা হয় সত্ৰীয়া সংস্কৃতি দিৱস ৷ জামুগুৰিৰ জংগম গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই দিৱস ৷

as_ngn_satria_sangskriti_divas_image_7203829
নগাঁৱৰ জামুগুৰিত সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন

By

Published : Nov 15, 2020, 10:11 PM IST

নগাঁও, 15 নৱেম্বৰঃ সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ পিছৰে পৰা প্ৰতিবছৰে এই দিনটোক ৰাজ্যজুৰি সত্ৰীয়া সংস্কৃতি দিৱস হিচাপে উদযাপন কৰা হয় ৷ সেই উপলক্ষে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁৱৰ বেবেজীয়াৰ জামুগুৰিত উদযাপন কৰা হয় এই দিৱস ৷ জামুগুৰিৰ জংগম গোষ্ঠীৰ উদ্যোগত ক’ভিড প্ৰট'কল বৰ্তাই ৰাখি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত আলোচনা সভা, সম্বৰ্দ্ধনা অনুষ্ঠান আৰু সত্ৰীয়া শৈলীৰ অনুষ্ঠান পৰিৱেশন কৰা হয় ।

নগাঁৱৰ জামুগুৰিত সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন

জংগম গোষ্ঠীৰ কাৰ্যকৰী সভাপতি সন্তোষ শিৱমে আঁত ধৰা এই অনুষ্ঠানত কবি তথা লিখক মদাৰজ্যোতি, সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, প্ৰাঞ্জল বৰদলৈ, জয়ন্ত মুদৈ, কণ্ঠশিল্পী ৰাহুল দেৱ বৰদলৈ আদি উপস্থিত থাকি এই দিৱসৰ তাৎপৰ্য আৰু গুৰুত্ব ব্যাখ্যা কৰে ।

লগতে পঢ়ক-নিজ মাতৃভূমি আহি পালে শ্বহীদ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details