অসম

assam

ETV Bharat / state

A Special Marriage: অনন্য প্ৰেমৰ নিদৰ্শনৰে যুগ্ম জীৱনৰ পাতনি মেলিলে প্ৰাঞ্জল-শৰ্মিষ্ঠাই - শৰ্মিষ্ঠা প্ৰীতম

নীলপৱন-দীপালিৰ দৰেই আন এক প্ৰেম কাহিনী ৷ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে এইখন ব্যতিক্ৰমী বিয়াই ৷ সু -লেখিকা শৰ্মিষ্ঠা প্ৰীতম আৰু যুৱ লেখক প্ৰাঞ্জল মহন্তই মেলিছে যুগ্ম জীৱনৰ পাতনি ৷

sarmistha pranjal marriage in Nagaon
যুগ্ম জীৱনৰ পাতনি মেলিলে প্ৰাঞ্জল-শৰ্মিষ্ঠাই

By

Published : Jul 14, 2023, 8:11 PM IST

যুগ্ম জীৱনৰ পাতনি মেলিলে প্ৰাঞ্জল-শৰ্মিষ্ঠাই

নগাঁও, 14 জুলাই : প্ৰেম এক স্বৰ্গীয় অনুভূতি, প্ৰেম জীয়াই থকাৰ সাহস, প্ৰেমে জীয়াই থকাৰ ইন্ধন ৷ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে এখন ব্যতিক্ৰমী বিয়াই ৷ এখন হুইল শ্বেয়াৰত বহিয়েই শব্দৰ ৰঙেৰে আবিৰ ছটিওৱা সু-লেখিকা শৰ্মিষ্ঠা প্ৰীতম আৰু যুৱ লেখক প্ৰাঞ্জল মহন্তই মেলিছে যুগ্ম জীৱনৰ পাতনি ৷

শৈশৱ কালতে এছ এম এ ৰোগত আক্ৰান্ত হৈ শৰ্মিষ্ঠাই হেৰুৱাই পেলাইছিল শৈশৱৰ মাধুৰ্যতা ৷ হুইল চেয়াৰখনকেই নিজৰ সংগী কৰি লৈছিল শৰ্মিষ্ঠাই ৷ জীৱন যুঁজত হাৰ নমনা শৰ্মিষ্ঠাই নীৰৱে কৰি আহিছে সাহিত্য সাধনা ৷ ফুলগুৰিৰ "শান্তি নিলয়"ৰ এটা কোঠাৰ এখন শেতেলীয়েই হৈ পৰিছিল শৰ্মিষ্ঠাৰ জীৱন সংগী ৷ হুইল চেয়াৰত বহিয়েই উচ্চ শিক্ষাৰ ডিগ্ৰী গ্ৰহণ কৰি শৰ্মিষ্ঠাই নিৰলসভাৱে কৰি আহিছে সাহিত্য চৰ্চা ৷

শক্তিশালী লিখনিৰে অসমীয়াৰ মন প্ৰাণ ভৰাই তোলা তথা কেইবাখনো উপন্যাসৰ স্ৰষ্টা দৃঢ়মনা শৰ্মিষ্ঠা ৷ লেখক,গ্ৰন্থ প্ৰকাশক তথা সাংস্কৃতিক সংগঠক প্ৰাঞ্জল কুমাৰ মহন্তৰ সৈতে নগাঁও বিবাহ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত আইনী বিবাহ সম্পন্ন হয় শৰ্মিষ্ঠাৰ ৷ প্ৰথমাৱস্থাত শৰ্মিষ্ঠাৰ সাহিত্য চর্চা, সৃষ্টিৰ প্ৰতি আকৃষ্ট হৈ পৰৱৰ্তী সময়ত শৰ্মিষ্ঠা প্ৰীতমৰ প্ৰেমত পৰিছিল প্ৰাঞ্জল ৷ অৱশেষত তেওঁলোকৰ সম্পৰ্কক বিবাহৰ স্বীকৃতি প্ৰদান কৰি অসমবাসীৰ আশীষ বিচাৰিলে প্ৰাঞ্জলে ৷

শৰ্মিষ্ঠা প্ৰীতমৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যৰ ক্ষেত্ৰখনত তেওঁক জিলিকাই তোলাৰ আঁৰৰ ব্যক্তিগৰাকীয়েই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত ৷ ইয়াৰোপৰি এই দুৰাৰোগ্য ব্যাধিৰ ব্যয়বহুল চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহৰ অভিযান আৰম্ভ কৰাৰ ক্ষেত্ৰতো বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল প্ৰাঞ্জলে ৷

শৰ্মিষ্ঠাক কঠিন জীৱন-যাপনৰ মাজতো লিখিবলৈ সাহস দি যোৱা যুৱকজনেই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত । আজি সেই প্ৰাঞ্জলৰ সৈতেই যুগ্ম জীৱনৰ পাতনি মেলি সুখী শৰ্মিষ্ঠাই ৷ শুকুৰবাৰে নগাঁও আদালত চৌহদতে প্ৰাঞ্জল-শৰ্মিষ্ঠাক শুভেচ্ছা জনাবলৈ উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূৰ্বৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, দৈনিক অসমৰ সম্পাদক হিতেশ ডেকা, অভিনেত্ৰী তৰালী শৰ্মা, বিধায়ক ৰূপক শৰ্মা, বিশিষ্ট ছবি পৰিচালক পাৰ্থজিত বৰুৱাসহ বহু বিশিষ্ট ব্যক্তি ৷ দুয়োৰে জীৱন সুখৰ হওঁক ৷ ই টি ভি ভাৰতৰ তৰফৰ পৰাও দুয়োলৈ যাচিলোঁ আন্তৰিক শুভকামনা ৷

লগতে পঢ়ক:Benefits of eating Curd with Mango: আইমী বৰুৱাৰ এই ৰেচিপিৰ সহায়ত অতি সহজে তৈয়াৰ কৰক আম আৰু দৈৰ আইচক্ৰীম

ABOUT THE AUTHOR

...view details