বঢ়মপুৰ, 12 আগষ্ট: কামপুৰৰ জ্যেষ্ঠ নাগৰিক, কামপুৰ উন্নতি সাধিনী সভা, কামপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আজীৱন সেৱক নৱকান্ত বৰুৱাৰ বাসগৃহত বুধবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী গৰাকীয়ে সদ্যপ্ৰয়াত নৱকান্ত বৰুৱাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ যোৱা ৬ আগষ্টত বাধক্যজনিত কাৰণত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল নৱকান্ত বৰুৱাৰ ।
কামপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - ৰহাৰ মীন মহাবিদ্যালয়
নৱকান্ত বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ পিছতেই প্ৰয়াত নৱকান্ত বৰুৱাৰ বাসগৃহৰ পৰা পদযাত্ৰাৰে বিজেপি কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
![কামপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল sarbananda sonowal visited kampur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8393018-thumbnail-3x2-kampur.jpg)
কামপুৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
কামপুৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
নৱকান্ত বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ পিছতেই প্ৰয়াত নৱকান্ত বৰুৱাৰ বাসগৃহৰ পৰা পদযাত্ৰাৰে বিজেপি কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ পৰৱৰ্তী সময়ত ৰহাৰ মীন মহাবিদ্যালয়লৈ ৰাওনা হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
লগতে পঢ়ক : স্বাধীনতা দিৱস বৰ্জৰ আহ্বান আলফা(স্বা)-এন এছ চি এনৰ