চামগুৰি, 1 ডিচেম্বৰ:পুৰণিক বিদায় দি নতুনক আদৰাৰ আনন্দত বছৰৰ এই সময়ছোৱাত দেশী বিদেশী পৰ্যটকৰে ভৰি থকা নগাঁৱৰ চাপানলাত এইবাৰ নিমাওমাও পৰিৱেশ ৷ পৰ্যটকক আদৰিবলৈ চম্পাৱতী কুণ্ড পৰিচালনা সমিতিয়ে পূৰ্বৰ দৰেই এইবাৰো ঠাইখন পৰিস্কাৰ পৰিচ্ছন্ন কৰিছে যদিও পৰ্যটক আহিবনে নে নাহে, সেই লৈ সমিতিখনে বৰ্তমানেও অনিশ্চয়তাত দিন পাৰ কৰিছে ৷
এসময়ত দেশী বিদেশী পৰ্যটকৰে ভৰি থকা চাপানালা আজি জনশূণ্য - নগাঁৱৰ চাপানালা
বিগত বছৰসমূহত বনভোজ খাবলৈ অহা দেশী বিদেশী পৰ্যটকৰে ভৰি থকা চাপানালা বৰ্তমান প্ৰায় জনশূণ্য ৷ অন্য বছৰ সমূহত বনভোজলৈ অহা লোকেৰে ভৰি থকা চাপানালাত এইবাৰ বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে ৷ ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবেই যেন ৰাইজৰ মাজত ম্লান পৰিছে বনভোজৰ উচাহ ৷
এসময়ত দেশী বিদেশী পৰ্যটকৰে ভৰি থকা চাপানালা আজি জনশূণ্য
সাধাৰণতে নৱবৰ্ষক আদৰাৰ প্ৰস্তুতিৰে ৰাইজে আনন্দ উল্লাস কৰা এই সময়ছোৱাত মূলত ক'ভিড-19 সৃষ্ট পৰিৱেশৰ বাবেই এইবাৰ এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ৷ অন্য বৰ্ষত ৰাজ্যৰ অন্যান্য বনভোজস্থলীৰ দৰে নগাঁৱৰ চাপানালাৰ চম্পাৱতী কুণ্ড তথা জলপ্ৰপাতত অসংখ্য বনভোজ দলৰ লোকেৰে ভৰি পৰা পৰিলক্ষিত হয় ৷ কিন্তু এইবাৰ এই স্থানলৈ বনভোজ দল আহিবনে নে নাহে সেইয়া বৰ্তমানেও অনিশ্চয়তাৰ মাজত ৷
লগতে পঢ়ক:মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সংৰক্ষণৰ উৎকৰ্ষকতাৰ বঁটা