অসম

assam

ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱক লৈ ধিঙত উখল-মাখল পৰিৱেশ

২৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে নগাঁৱৰ বটদ্ৰৱা থানত অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ । সমান্তৰালকৈ ৭ খনকৈ সত্ৰত এই মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ।

শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱকলৈ ধিঙত উখল-মাখল পৰিৱেশ
শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱকলৈ ধিঙত উখল-মাখল পৰিৱেশ

By

Published : Jan 31, 2021, 6:44 PM IST

নগাঁও, ৩১ জানুৱাৰী :যোৱা ২৯ জানুৱাৰীৰ পৰা নগাঁৱৰ বটদ্ৰৱা থানত অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ । মাধৱ সংস্কৃতি ন্যাস আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত এই মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় । বটদ্ৰৱা থানৰ সমান্তৰালকৈ ধিং, বটদ্ৰৱাৰ ৭ খনকৈ সত্ৰত এই মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ ।

শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱকলৈ ধিঙত উখল-মাখল পৰিৱেশ

ধিঙৰ ঐতিহ্যমণ্ডিত আউনীআটী শাখা সত্ৰতো নিশা অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানৰ । গুৰুজনাৰ সৃষ্টিৰ বৰগীত, দিহানাম, ভোৰতাল, সত্ৰীয়া নৃত্যৰ লগতে অংকীয়া নাট আদি পৰিবেশন কৰা হয় এই অনুষ্ঠানত । সত্ৰখনত অসমৰ বিভিন্ন জিলাৰ সাংস্কৃতিক দলে পৰিবেশন কৰা অনুষ্ঠানে উপস্থিত ভক্ত প্ৰাণ ৰাইজক আপ্লুত কৰি তোলে ।


লগতে পঢ়ক :চিৰাঙত ৰহস্যজনক মৃত্য়ু বনকৰ্মীৰ

ABOUT THE AUTHOR

...view details