আজি গুৰুজনাৰ তিৰোভাৱ তিথি : হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান
হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান৷ পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আকাশ বতাহ ৷
বটদ্ৰৱা, 1 চেপ্তেম্বৰঃ আজি মহাপুৰুষ শংকৰদেৱৰ 451 সংখ্যক তিৰোভাৱ তিথি ৷ পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান ৷ ভক্তি ৰসৰ নিজৰা বোৱাই পুৱা খোল প্ৰসঙ্গ, মঞ্জিৰা নাম আৰু আইসকলৰ নাম ,গায়ন বায়নৰ খোল-তাল-দবাৰ শব্দৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱা থানৰ চৌপাশ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে তেল, বন্তি, ধূপ, নৈবেদ্য লৈ মনো কামনা পূৰণৰ বাবে আহি সেৱা লয় বটদ্ৰৱা থানত ৷ এক আধ্যাত্মিক পৰিবেশৰ মাজৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ৷