অসম

assam

ETV Bharat / state

নগাঁৱত শংকৰ সংঘৰ শান্তি সমদল - মহামানৱ মহাত্ম গান্ধীৰ জন্ম জয়ন্তী

মহাত্মা গান্ধীৰ জন্মদিনটোত শান্তিৰ বাৰ্তা বিলাবলৈ বিশাল সমদল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ । ডাইনী হত্যা বন্ধ কৰা, নাৰী নিৰ্যাতন বন্ধ কৰা আদি দাবীৰে উলিওৱা হয় এই শান্তি সমদল । শান্তি সমদলত বিধায়ক ৰূপক শৰ্মাৰো অংশগ্ৰহণ ।

sankar sangha rally in nagaon
নগাঁৱত শংকৰ সংঘৰ শান্তি সমদল

By

Published : Oct 2, 2021, 4:37 PM IST

নগাঁও,2 অক্টোবৰ:আজি মহামানৱ মহাত্ম গান্ধীৰ জন্ম জয়ন্তী ৷ সমগ্ৰ দেশে আজি অৰ্থাৎ শনিবাৰৰ দিনটোতে অনুস্তুপীয়াকৈ হ’লেও উদযাপন কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো নগাঁৱত উলিয়াই এক বিশাল শান্তি সমদল

শান্তিৰ বাৰ্তা বিলোৱাৰ উদ্দেশ্যে সংঘৰ নগাঁও জিলা শাখাৰ মূখ্য কাৰ্যালয়ৰ পৰা উলিওৱা হয় এই শান্তি সমদল । দীর্ঘদিন ধৰি শান্তি আৰু সমন্বয়ৰ বাবে কাম কৰি অহা শ্ৰীমন্ত শংকৰদেৱ সংঘই সকলো জাতিৰ মাজত শান্তি আৰু সমন্বয়ৰ ভেঁটি আৰু অধিক শক্তিশালী হোৱাৰ কামনাৰে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি উলিয়াই এই শান্তি সমদল যাত্ৰা । জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৰে মাজত শান্তি আৰু প্ৰগতি কামনা কৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই ।

শংকৰ সংঘৰ শান্তি সমদল

লগতে পঢ়ক:এতিয়াৰে পৰা ডিব্ৰুগড়তে দেখিবলৈ পাব আইফেল টাৱাৰ !

নগাঁও চহৰৰ মাজমজিয়াৰে উলিওৱা শান্তি সমদল যাত্ৰাত হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ অংশগ্ৰহণ কৰে বহুসংখ্যক পুৰুষ আৰু মহিলাই ।

নগাঁৱত শংকৰ সংঘৰ শান্তি সমদল

বন ধ্বংস বন্ধ কৰক, ডাইনী হত্যা বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক আদি বিভিন্ন শ্ল'গান লিখা প্লে'কাৰ্ড লৈ শান্তি সমদলত অংশগ্ৰহণ কৰে মহিলাসকলে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, আই-মাতৃ কল্যাণ শাখা সমিতিৰ উদ্যোগত নগাঁও জিলা শাখাৰ আতিথ্যত কেন্দ্ৰীয় শান্তি দিৱস উদযাপন কৰাৰ লগতে উলিওৱা হয় এই সমদল যাত্ৰাৰ । এই সমদল যাত্ৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধিৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও অংশগ্ৰহণ কৰে ।

মহামানৱ মহাত্ম গান্ধীৰ জন্ম জয়ন্তী উদযাপন

কেন্দ্ৰীয় শান্তি দিৱস আৰু শান্তি সমদল যাত্ৰা উপলক্ষে শনিবাৰে পুৱাই পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপন, নাম প্ৰসংগ আদি কেবাটাও কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

লগতে পঢ়ক:সবৰমতী আশ্ৰম : গান্ধীজীৰ চিন্তাধাৰাৰ এক অমূল্য ফচল

ABOUT THE AUTHOR

...view details