বঢ়মপুৰ,৮ জুন: কৰ'ণাৰ গ্ৰাসৰ পৰা ৰক্ষা পৰিবলৈ সাৱধানতামূলকভাৱে এতিয়া মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাতো আৱশ্যকীয় হৈ পৰিছে । সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন অনুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে সচেতন লোকসকলে । নগাঁৱৰ বিভিন্ন স্থান ছেনিটাইজ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসে । বিজেপি মণ্ডল যুৱ কমিটিৰ সৌজন্যত আৰু স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ উদ্যোগত কামপুৰ আৰু কঠীয়াতলীৰ বিভিন্ন ঠাই ছেনিটাইজ কৰা হয় ।
ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ অধীনত কলিয়াবৰত ছেনিটাইজেছন - ছেনিটাইজ
বৰ্তমান ক'ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । সমান্তৰালকৈ সংক্ৰমণ ৰোধৰ বাবে আৰু মহামাৰী সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন দল-সংগঠনেও কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । মঙলবাৰে নগাঁৱৰ কামপুৰ আৰু কঠীয়াতলীৰ বিভিন্ন ঠাই ছেনিটাইজ কৰে স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসে ৷
![ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ অধীনত কলিয়াবৰত ছেনিটাইজেছন SANITIZATION BY REBOTI MOHAN SOCIAL TRUST](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12056275-984-12056275-1623135731682.jpg)
কামপুৰ আৰু কঠীয়াতলীৰ বিভিন্ন ঠাই ছেনিটাইজ কৰিলে ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসে
কামপুৰ বজাৰ, চিকিৎসালয়, পৌৰসভাৰ লগতে আন কেইবাটাও চৰকাৰী কাৰ্যালয়, কঠীয়াতলীৰ দৈনিক বজাৰ, আৰক্ষী চকী, বেংক আদিও ছেনিটাইজ কৰা হয় । এই ছেনিটাইজেছন কাৰ্যসূচীত স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰৰ পুত্ৰ বিভূতি ভূষণ বৰঠাকুৰৰ লগতে বিজেপি মণ্ডল যুৱ কমিটিৰ সদস্যসকল উপস্থিত থাকে । বিভূতি বৰঠাকুৰৰ এই কাৰ্যৰ সকলোৱে শলাগ লৈছে ।
লগতে পঢ়ক: চিৰাঙত দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ