অসম

assam

ETV Bharat / state

শংকৰদেৱ সংঘৰ উদ্যোগত কলিয়াবৰত মাক্স বিতৰণ - KALIABOR SANITISATION

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ সহযোগত কলিয়াবৰ জিলা সেৱা বাহিনীয়ে সজাগতাৰ বাবে নলতলি অঞ্চলত মাস্ক আৰু ছেনিটাইজেশ্যনৰ কাৰ্যসূচী হাতত লয় ।

SANITISATION AT KALIABOR
শংকৰদেৱ সংঘৰ উদ্যোগত কলিয়াবৰত মাক্স বিতৰণ

By

Published : May 22, 2021, 7:58 PM IST

কলিয়াবৰ, ২২ মে':মহামাৰীৰ জটিল পৰিস্থিতিৰ মাজতে অসমৰ উল্লেখনীয় ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক প্ৰশংসনীয় পদক্ষেপ । এই জটিল সময়ত সকলো সজাগ হোৱা আৰু স্বাস্থ্য পালন কৰাই হৈছে মহামাৰীৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় ।

শংকৰদেৱ সংঘৰ উদ্যোগত কলিয়াবৰত মাক্স বিতৰণ

এই কথাৰ প্ৰতি লক্ষ্যৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ সহযোগত কলিয়াবৰ জিলা সেৱা বাহিনীয়ে সজাগতাৰ বাবে কলিয়াবৰৰ নলতলি অঞ্চলত মাস্ক আৰু ছেনিটাইজেশ্যনৰ কাৰ্যসূচী হাতত লয় । সেৱা বাহিনীৰ কৰ্ম-কৰ্তাসকলে নলতলি অঞ্চলৰ ব‍্যৱসায়ীসকলৰ লগতে গ্ৰাহকসকলক ক'ভিড বিধি মানিবলৈ সজাগ কৰাৰ লগতে দোকান-পোহাৰ আৰু নলতলিত ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰে ।

লগতে পঢ়ক:বিভাগৰ অৱহেলা, ৰাইজে নিজে মেৰামতি কৰিলে বানে ধ্বংস কৰা পথ

ABOUT THE AUTHOR

...view details