অসম

assam

ETV Bharat / state

ৰাজনীতিকে সমাজ ভাঙে সংস্কৃতিয়ে সমাজ গঢ়ে : ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য - সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক শোভাযাত্ৰা

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই (AASU chief adviser Samujjal Kumar Bhattacharya) ক’লে ৰাজনীতিকে সমাজ ভাঙে আনহাতে, সংস্কৃতিয়ে সমাজ গঢ়ে ৷ ৰাজ্যৰ ৰাজনৈতিক নেতা সকলে সমাজ ভঙাৰ এই অভিযোগ কিয় কৰিলে আছু নেতা গৰাকীয়ে ? সবিশেষ জানো আহক ৷

samujjal-kumar-bhattacharya-on-politicians-and-culture
ৰাজনীতিকে সমাজ ভাঙে সংস্কৃতিয়ে সমাজ গঢ়ে : ড৹ সমুজ্জল কুমাৰ ভট্ৰাচাৰ্য

By

Published : Jan 6, 2022, 7:32 PM IST

নগাঁও, 6 জানুৱাৰী :ধিঙতসদৌ অসম ছাত্ৰ সন্থাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা (AASU's cultural rally at Dhing) । এই অনুষ্ঠানত উপস্থিত থাকি ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ক’লে, "ৰাজনীতিকে সমাজ ভাঙে সংস্কৃতিয়ে সমাজ গঢ়ে "। উল্লেখযোগ্য যে, বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ধিঙত অনুষ্ঠিত হোৱা নগাঁও মহকুমা ছাত্ৰ সন্থা আৰু ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনৰ বৃহস্পতিবাৰে অন্তিমটো দিন ।

ৰাজনীতিকে সমাজ ভাঙে সংস্কৃতিয়ে সমাজ গঢ়ে : ড৹ সমুজ্জল কুমাৰ ভট্ৰাচাৰ্য

এই অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য (AASU chief adviser Samujjal Kumar Bhattacharya) । এই অনুষ্ঠানত উপস্থিত হৈ ড৹ ভট্টাচাৰ্যই খিলঞ্জীয়াৰ ৰক্ষা কৱচ , অসম চুক্তি ৰূপায়ন (Implementation of the Assam accord) , সমষ্টি পুনৰ নিৰ্ধাৰণ, এখন শুদ্ধ এন আৰ চি প্ৰস্তুতৰ ওপৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ।

অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব থাকিব লাগিব বুলিও ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই নিজৰ বক্তৃতাৰ প্ৰসংগত উল্লেখ কৰে ।

ইপিনে, ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ আৰু ৰাজনীতিকৰ কথা উল্লেখ কৰি ড৹ ভট্টাচাৰ্যই কয় যে, ৰাজনীতিকে সমাজ ভাঙে আনহাতে, সংস্কৃতিয়ে সমাজ গঢ়ে ৷ আনহাতে, নগাঁও মহকুমা ছাত্ৰ সন্থা (Nagaon subdivision AASU) আৰু ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনৰ এই অন্তিম দিনাৰ কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাতো অংশ গ্ৰহণ কৰে ড৹ ভট্টাচাৰ্যই ৷ ছাত্ৰ সন্থাৰ এই শোভাযাত্ৰাত প্ৰতিফলিত হয় বৰ অসমৰ কৃষ্টি সংস্কৃতি সমূহৰ চানেকি ।

লগতে পঢ়ক :কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক অশুভ শক্তি আখ্যা ভৱেশ কলিতাৰ

ABOUT THE AUTHOR

...view details