বুঢ়াচাপৰি বন বিভাগৰ অভিযানত তিনি চোৰাং চিকাৰী আটক - বুঢ়াচাপৰি অভয়াৰণ্য
বুঢ়াচাপৰি বন বিভাগৰ অভিযানত আটক হৈছে তিনি চোৰাং চিকাৰী । জুৰীয়াৰ বালুচৰ চৰ বজাৰত বন বিভাগে অভিযান চলাই ক্ৰমে, সমৰ আলী, আব্দুল বাৰেক, মুকছেদুল হক নামৰ তিনি চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।
চামগুৰি, 5 নৱেম্বৰ : বুঢ়াচাপৰি বন বিভাগৰ অভিযানত আটক হৈছে তিনি চোৰাং চিকাৰী । জুৰীয়াৰ বালুচৰ চৰ বজাৰত বন বিভাগে অভিযান চলাই ক্ৰমে, সমৰ আলী, আব্দুল বাৰেক, মুকছেদুল হক নামৰ তিনি চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।
ধৃত চোৰাং চিকাৰী কেইটাই যোৱা 11 আগষ্ট তাৰিখে বুঢ়াচাপৰি অভয়াৰণ্যত শিয়ালি চৰত বনৰীয়া ম‘হ হত্যা কৰি পলাতক হৈ আছিল । তাৰে পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত লাঠিমাৰি বনশিবিৰৰ বনবিষয়া শ্বৰিফুল ইছলামৰ নেতৃত্বত চলোৱা অভিযানত ধৃত চোৰাং চিকাৰী তিনিটাক আটক কৰিবলৈ সক্ষম হয়। অধিক তথ্যৰ বাবে বনবিভাগে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: আপেল চাইডাৰ ভিনিগাৰৰ 10 টা লাভালাভ