চামগুৰি, 6 নৱেম্বৰ :নগাঁৱত অব্যাহত আছে অবৈধ ড্ৰাগছৰ বেহা । নগাঁও জিলাৰ চিলঙনীত শুকুৰবাৰে আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ আৰক্ষীক দেখি ধাননিৰ মাজেৰে পলায়নৰ চেষ্টা কৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে ৷ কিন্তু আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
নগাঁৱত নিচাযুক্ত দ্ৰৱ্যসহ আটক সৰবৰাহকাৰী - ব্ৰাউন চুগাৰ
নগাঁও জিলাৰ চিলঙনীত শুকুৰবাৰে আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ আৰক্ষীক দেখি ধাননিৰ মাজেৰে পলায়নৰ চেষ্টা কৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে ৷ কিন্তু আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
আটকাধীন ড্ৰাগছ ব্যৱসায়ীটোৰ নাম আব্দুল হাই বুলি জানিব পৰা গৈছে আনহাতে আন এটা ড্ৰাগছ ব্যৱসায়ী ছাদ্দাম হুছেইন পলায়ন কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ আৰু দুই লক্ষাধিক টকা জব্দ কৰে আৰক্ষীয়ে ৷ ধাননিৰ মাজত লুকুৱাই থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে টকাখিনি। নগাঁও চিলঙনীত দীৰ্ঘ দিন ধৰি অবৈধ ড্ৰাগছৰ বেহা চলাই আছিল ধৃত আব্দুল আৰু পলায়ন কৰা তেওঁৰ পুত্ৰ ছাদ্দামে ৷
লগতে পঢ়ক:অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত গোলাঘাটত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ