অসম

assam

ETV Bharat / state

Amulya Manna Photography Award : আলোক চিত্ৰশিল্পী সমীৰ চৌধুৰীক প্ৰদান অমূল্য মান্না বঁটা - সমৰ চৌধুৰীক অমূল্য মান্না বঁটা

আলোকচিত্ৰ শিল্পী তথা চলচিত্ৰ পৰিচালক অমূল্য মান্নাৰ স্মৃতিত প্ৰদান কৰি অহা অমূল্য মান্না আলোকচিত্ৰ বঁটা এইবেলি আগবঢ়োৱা হয় আলোকচিত্ৰ শিল্পী সমীৰ চৌধুৰীলৈ (Amulya Manna Photography Award 2022) ৷ বুধবাৰে অমূল্য মান্নাৰ মৃত্যুৰ দিনটোত প্ৰদান কৰা হয় এই বঁটা ৷

Amulya Manna Photography Award
আলোক চিত্ৰশিল্পী সমীৰ চৌধুৰীক প্ৰদান কৰা হ’ল অমূল্য মান্না বঁটা

By

Published : Jan 19, 2022, 7:31 PM IST

নগাঁও, 19 জানুৱাৰী : বিশিষ্ট চিত্ৰশিল্পী সমীৰ চৌধুৰীক প্ৰদান কৰা হয় অমূল্য মান্না আলোকচিত্ৰ বঁটা (Amulya Manna Photography Award 2022) । অমূল্য মান্না স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত তথা ফটোগ্ৰাফী ইনষ্টিটিউট অৱ অসমৰ সহযোগত প্ৰদান কৰা হয় এই বঁটা ।

বুধবাৰে নগাঁৱৰ কল্লোল ভৱনত অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । বঁটা প্ৰদান অনুষ্ঠানটিত উপস্থিত থাকে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকী, বিশিষ্ট সমাজকৰ্মী শিৱানন্দ কাকতি আৰু নৌশ্বাদ আখতাৰ হাজৰিকাৰ লগতে চিত্ৰশিল্পী সমীৰ চৌধুৰী ।

আলোক চিত্ৰশিল্পী সমীৰ চৌধুৰীক প্ৰদান কৰা হ’ল অমূল্য মান্না বঁটা

বুধবাৰে বিশিষ্ট চিত্ৰশিল্পী সমীৰ চৌধুৰীক অমূল্য মান্না বঁটা প্ৰদান কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকীয়ে । উলেখ্য যে, মৃত্যুৰ পূৰ্বে অৰূপ মান্নাৰ প্ৰয়াত পিতৃয়ে নিজৰ মৃত্যু বাৰ্ষিকীত মৃত্যু বাৰ্ষিকী অনুষ্ঠিত নকৰি সেই দিনটোত সমাজৰ বাবে ভাল কাম কৰিবলৈ পুত্ৰৰ আগত ইচ্ছা প্ৰকাশ কৰিছিল । সেই অনুসৰি পিতৃৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত পুত্ৰ অৰূপ মান্নাই প্ৰতি বছৰে এইদৰে বিশিষ্ট চিত্ৰশিল্পীক পিতৃৰ নামত বঁটা প্ৰদান কৰি আহিছে ।

আনহাতে, অমূল্য মান্না বঁটা প্ৰাপক চিত্ৰশিল্পী সমীৰ চৌধুৰীয়ে কয় যে, চিত্ৰশিল্পীসকলে চিত্ৰৰ জৰিয়তে সমাজলৈ ভাল অৱদান আগবঢ়াব লাগে । সুদীৰ্ঘ দিন চিত্ৰশিল্পৰ লগত জড়িত হৈ আছিল যদিও এনে এক সন্মান লাভ কৰিব বুলি কেতিয়াও ভবা নাছিল বুলি মন্তব্য কৰে চিত্ৰশিল্পী সমীৰ চৌধুৰীয়ে ।

লগতে পঢ়ক:বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান

ABOUT THE AUTHOR

...view details