চামগুৰি,24 ফেব্ৰুৱাৰীঃ সীমাহীন দুৰ্দশাৰ মাজত দিন কটাবলৈ বাধ্য হৈছে চামগুৰিৰ উদমাৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ননৈ চাহ বাগিচাৰ সৰ্ব সাধাৰণ ৰাইজ । ননৈ-চামগুৰি সংযোগী এটা বিশেষ পথৰ ওপৰত থকা এখন গুৰুত্বপূৰ্ণ কাঠৰ দলঙৰ অতি জৰাজীৰ্ণ অৱস্থাৰ বাবে সম্প্ৰতি জীয়াতু ভূগিবলগীয়া হৈছে, বৃহত্তৰ অঞ্চলটোৰ বহু সংখ্যক লোক ৷
উল্লেখযোগ্য যে, মাত্ৰ দুই-তিনিডাল কঁপি থকা লোহাৰ সৈতে পৰিত্যক্ত ৰূপত থকা দলঙখনত অৱশিষ্ট কেইডালমান কাঠৰ বাবে সৃষ্টি হৈছে বৃহৎ আকৃতিৰ ফাঁক । যিখন দলঙৰে বাহন লৈ যোৱাতো দূৰৈৰ কথা, দিনৰ পোহৰতে খোজকাঢ়ি পাৰ হোৱাতোও অতি বিপদসংকুল হৈ পৰিছে ৰাইজৰ বাবে । প্ৰায় 20 বছৰ পূৰ্বে বিধায়ক ৰকিবুল হুছেইনে উদঘাটন কৰা দলঙখন মেৰামতিৰ বাবে এতিয়া জন প্ৰতিনিধিৰ সদিচ্ছাৰ অভাৱ ৷ স্থানীয় ৰাইজে বহুবাৰ আহ্বান জনোৱাৰ পিছতো কাণসাৰ নাই বিধায়ক গৰাকীৰ ।