চামগুৰি, 21 মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত তৎপৰতা দুগুণে বৃদ্ধি পোৱা দেখা গৈছে। ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিতো বিজেপি দলৰ মনোনীত প্ৰাৰ্থী অনিল শইকীয়াই অধিক তৎপৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা দেখা গৈছে ৷
শনিবাৰে অনিল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া উপস্থিত হৈ চামগুৰিৰ ভেলেউগুৰি স্থিত নাট্য মন্দিৰত প্ৰচাৰ চলায় । সভাত প্ৰায় দুই সহস্ৰাধিক লোকৰ সন্মুখত ভাষণৰ প্ৰসংগত ৰকিবুল হুছেইনক যথেষ্ট সমালোচনা কৰে দিলীপ শইকীয়াই ।