নগাঁও আৰু গুৱাহাটী,1 জানুৱাৰীঃইংৰাজী নৱবর্ষত আনন্দ ফুৰ্তিৰ বিপৰীতে বছৰৰ আৰম্ভণিতে প্ৰতিবাদত বহিল নগাওঁ জিলা সাহিত্য সভা ৷ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিলৰ দাবীত মুখত ক'লা কাপোৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ জিলা সাহিত্য সভাই ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে নগাওঁ জিলা ছাত্ৰ সন্থায়ো ৷ নগাওঁ জিলা সাহিত্য সভাৰ দাবী শংকৰ আজানৰ দেশত কোনো কাৰণত মানি লোৱা নহ’ব ধৰ্মৰ ভিত্তিত নাগৰিকত্ব। লগতে অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিল কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাহিত্য সভাৰ - মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাহিত্য সভাৰ
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মুখত ক'লা কাপোৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ জিলা সাহিত্য সভাই ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে নগাওঁ জিলা ছাত্ৰ সন্থায়ো ৷ সমান্তৰালকৈ, গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰে সাহিত্য সভাই ৷

মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাহিত্য সভাৰ
নগাওঁ জিলা সাহিত্য সভাৰ প্ৰতিবাদ
গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰে সাহিত্য সভাই
সমান্তৰালকৈ, গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰে সাহিত্য সভাই ৷ সাভাৰ কাৰ্যালয়ৰ সন্মুখত মুখত ক’লা কাপোৰ বান্ধি পালন কৰে অৰুনোদয় দিৱস ৷ জাতিধ্বংসী এই আইনখন বাতিলৰ দাবীত কবিতা পাঠেৰে চৰকাৰক দাবী জনায় সাহিত্য সভাই ৷
লগতে পঢ়ক-নৱবৰ্ষৰ শুভেচ্ছা উপায়ুক্ত ভাস্কৰ পেগু আৰু সাংসদ নৱ কুমাৰ শৰণীয়াৰ