নগাওঁ, 16 অক্টোবৰ: নগাঁৱত মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহন আঁচনিৰ অধীনত হিতাধিকাৰী সকলক বাহন প্ৰদান । প্ৰথম পৰ্যায়ৰ অংশ হিচাপে মুঠ পাঁচ গৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনত বাহন প্ৰদান কৰা হয় ।
নগাঁৱত গ্ৰাম্য পৰিবহন আঁচনিৰ বাহন প্ৰদান - জিলা পৰিবহন বিষয়া
নগাঁৱত গ্ৰাম্য পৰিবহন আঁচনিৰ অধীনত হিতাধিকাৰীক বাহন প্ৰদান ৷ প্ৰথম পৰ্যায়ৰ অংশ হিচাপে পাঁচ গৰাকী হিতাধিকাৰীক বাহন প্ৰদান ৷ এই আঁচনিৰ জড়িয়তে গ্ৰামাঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নত হ'ব বুলি বিধায়ক ৰূপক শৰ্মাৰ আশা প্ৰকাশ ৷
নগাঁৱত গ্ৰাম্য পৰিবহন আঁচনিৰ বাহন প্ৰদান
নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত এই উপলক্ষে অনুষ্ঠিত হয় এখন সভা । সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা আৰু জিলা পৰিবহন বিষয়া ৰঞ্জিত বৰুৱাৰ লগতে অন্য বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে । এই আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নত হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মাই
লগতে পঢ়ক:ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ শালপাৰাৰ বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে বন বিভাগৰ গোচৰ