অসম

assam

ETV Bharat / state

ৰূপহীহাটত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি - ৰূপহীহাট ডকাইতি বাতৰি

বন্ধন বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি ওভতি যোৱাৰ সময়তেই দুজনীয়া এটা ডকাইটৰ দলে ৰূপহীহাটৰ খনাটুপ গাঁৱত কৰ্মচাৰী জনক বাট আগুচি ধৰে ৷ চোকা অস্ত্ৰৰ ভয় দেখুৱাই ডকাইটৰ দলটোৱে কৰ্মচাৰীজনৰ পৰা প্ৰায় ৪০ হাজাৰ টকা লুটি নিয়ে ৷

Rupohihat Robbery
ৰূপহীহাটত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি

By

Published : Feb 25, 2020, 9:06 PM IST

ৰূপহীহাট,25 ফেব্ৰুৱাৰীঃ ৰূপহীহাটত দিন দুপৰতে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ বন্ধন বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি উভতি যোৱাৰ সময়তেই দুজনীয়া এটা ডকাইতৰ দলে ৰূপহীহাটৰ খনাটুপ গাঁৱত কৰ্মচাৰীজনক বাট আগুচি ধৰে ৷ চোকা অস্ত্ৰৰ ভয় দেখুৱাই ডকাইতৰ দলটোৱে কৰ্মচাৰীজনৰ পৰা প্ৰায় ৪০ হাজাৰ টকা লুটি নিয়ে ৷ ডকাইতি কাণ্ড সংঘটিত কৰিয়েই ডকাইত দুজনে মটৰচাইকেল লৈ পলায়ন কৰে যদিও কিছু দূৰ গৈ বাহনখন দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় এজন ডকাইত আনহাতে আনজন ডকাইত পথাৰৰ মাজেৰে দৌৰি পলায়ন কৰে ৷

ৰূপহীহাটত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি

ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ আনোৱাৰ হুছেইন নামৰ ডকাইতটোক অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় ৷ আৰক্ষীয়ে ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা বাহনখনৰ পৰা এপাত চোকা অস্ত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক-বিল দিবলৈ বাকী পৌৰসভাৰ,নজ্বলিব দেৰগাঁও চহৰৰ ষ্ট্ৰীট লাইট

ABOUT THE AUTHOR

...view details