ৰূপহীহাট,3 মাৰ্চ:অসম বিধানসভা নিৰ্বাচনৰ দিন তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে ৰাজ্যত জাৰি কৰা হ'ল নিৰ্বাচনী অধিসূচনা ৷ সাধাৰণতে নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত অবৈধ ধন সৰবৰাহৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগে বিশেষভাৱে নজৰ ৰখা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ বিভিন্ন ঠাইত ফ্লায়িং স্কোৱাড আৰু আৰক্ষী তথা নিৰ্বাচনৰ পৰ্যবেক্ষণৰ দায়িত্বত থকা বিষয়াৰ নেতৃত্বত অভিযান চলি থকাৰ সমান্তৰালকৈ ৰূপহীহাটৰ জুৰীয়াত আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷
ৰূপহীহাটত তৎপৰ আৰক্ষী আৰু ফ্লায়িং স্কোৱাড - অসম বিধানসভা নিৰ্বাচনৰ দিন তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা
ৰূপহীহাটৰ জুৰীয়াত তৎপৰ ফ্লায়িং স্কোৱাড আৰু জুৰীয়া আৰক্ষী ৷ অবৈধ ধন সৰবৰাহৰ বিৰুদ্ধে জুৰীয়া চাৰিআলিত যুটিয়া অভিযান জুৰীয়া আৰক্ষী প্ৰশাসন আৰু ফ্লায়িং স্কোৱাডৰ ৷
ৰূপহীহাটত তৎপৰ ফ্লায়িং স্কোৱাড আৰু জুৰীয়া আৰক্ষী
নিৰ্বাচনী দিন চমু চাপি অহাৰ প্ৰতি লক্ষ্য ৰাখি এনে ধৰণৰ যাতে কোনো অনিয়ম সংঘটিত নহয় সেই উদ্দেশ্যে নগাঁৱত জুৰীয়া আৰক্ষী প্ৰশাসন আৰু ফ্লায়িং স্কোৱাডৰ দলে জুৰীয়া চাৰিআলিত অবৈধ ধন সৰবৰাহৰ বিৰুদ্ধে যুটীয়াভাৱে অভিযান চলোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক:পুনৰ বাঘজান তৈলক্ষেত্ৰত অৰাজকতা