ৰূপহীহাট,25 ডিচেম্বৰ: ৰূপহীহাটৰ জুৰীয়া সুঁতিৰপাৰত শুকুৰবাৰে সুঁতিৰ পাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় আৰু শুশ্ৰষা সামাজিক স্বাস্থ্য সেৱাৰ উদ্যোগত ৰাইজৰ মাজত বিনামূলীয়া চিকিৎসা শিবিৰৰ লগতে ঔষধ বিতৰণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই কাৰ্যসূচীত উপস্থিত থাকে চাৰিজনকৈ বিশিষ্ট চিকিৎসক । লকডাউনৰ সময়ত অসুস্থ হৈ পৰাৰ লগতে টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি ঘৰতে থাকিব লগীয়া হোৱা ৰোগীসকলৰ বাবে উক্ত অনুষ্ঠান দুটাই লয় এই কাৰ্যব্যৱস্থা ৷ পুৱাৰ পৰাই ভিৰ কৰেহি বহু ৰোগীয়ে ৷
ৰূপহীহাটত বিনামূলীয়া চিকিৎসা প্ৰদান - ঔষধ বিতৰণ কৰা হয়
ৰূপহীহাটৰ জুৰীয়া সুঁতিৰপাৰত দুটি অনুষ্ঠানৰ তত্ত্বাৱধানত বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে ঔষধ বিতৰণ কৰা হয় ৷ উক্ত কাৰ্যসূচীত বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷
ৰূপহীহাটত বিনামূলীয়া চিকিৎসা প্ৰদান
স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোত নাই কোনো চিকিৎসালয় ৷ চিকিৎসাৰ বাবে বহু দূৰ অতিক্ৰম কৰিব লাগে ৰোগীসকলে ৷ শুকুৰবাৰে চাৰিটা বিভাগৰ চাৰিজনকৈ চিকিৎসক উক্ত স্থানত উপস্থিত হৈ ৰোগীসকলক চিকিৎসা কৰাত অনুষ্ঠান দুটাক কৃতজ্ঞতা জ্ঞাপন কৰে অঞ্চলবাসীয়ে ৷
অন্য এক খবৰৰ বাবে:কি চাহ খায় আপুনি? চেলেকা চাহ, বান বাতি চাহ নে ভোট জলকীয়া চাহ ?