নগাঁও, 28 নৱেম্বৰ : কলং নৈত টকাৰ উজান ৷ দহৰ পৰা এশ টকীয়া নোটৰ উজান উঠিছে কলঙৰ বুকুত ৷ শনিবাৰে দুপৰীয়া নগাঁও চহৰৰ পৰিবহণ নিগমৰ বাছ আস্থানৰ কাষতে নৈত উপঙি আহিল অসংখ্য নোট ৷ ওচৰতে থকা কেইজনমান যুৱকে দেখি ততাতৈয়াকৈ কলঙৰ বুকুৰ পৰা টকাখিনি সংগ্ৰহ কৰে ৷
নগাঁৱৰ কলঙত টকাৰ উজান - কলঙৰ বুকুৰ পৰা টকাখিনি সংগ্ৰহ
কলঙৰ বুকুত টকাৰ উজান ৷ শনিবাৰে দুপৰীয়া দহৰ পৰা এশ টকীয়া নোটৰ উজান উঠিলে কলঙৰ বুকুত ৷ টকাৰ উজান উঠা দেখি হতচকীত হৈ পৰে স্থানীয় লোক ৷
নগাঁৱৰ কলঙত টকাৰ উজান
হঠাতে এনেদৰে টকাৰ উজান উঠা দেখি হতচকীত হৈ পৰে স্থানীয় লোকসকল ৷ কোনে কি কাৰণত এই টকাখিনি পানীত উটুৱাই দিলে সেই বিষয়ে এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই যদিও বহু লোকে টকা উদ্ধাৰৰ সেই দৃশ্যকে উপভোগ কৰে ৷