অসম

assam

ETV Bharat / state

দলৰ সিদ্ধান্ত মানি লবলৈ বাধ্য প্ৰতিজন দলীয় কৰ্মী

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক ৰূপক শৰ্মাৰ

By

Published : Mar 15, 2019, 9:35 PM IST

rupak sarma

নগাঁও,15 মাৰ্চ : "বিধায়ক হোৱাৰ পূৰ্বৰে পৰা জড়িত হৈ আছে সামাজিক আৰু ৰাজনৈতিক কামত" ৷ ৰাজেন গোহাঁইয়ে সংবাদ মাধ্যমৰ সন্মুখত ৰূপক শৰ্মাক ৰাস্তাৰ পৰা ৰাজনীতিলৈ অনা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ৰূপক শৰ্মাৰ ।

দলৰ সিদ্ধান্ত মানি লবলৈ বাধ্য প্ৰতিজন দলীয় কৰ্মী

কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে প্ৰতিনিধিত্ব কৰা নগাঁও লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তালিকাত অন্তৰ্ভুক্ত হৈছে বিধায়ক ৰূপক শৰ্মাৰ নাম ৷ বিধায়ক ৰূপক শৰ্মাৰ নাম প্ৰাৰ্থীতালিকাত নাম অন্তৰ্ভুক্ত হোৱাকলৈ দলীয় কৰ্মী উৎফুল্লিত হৈ পৰা দেখা গ'লেও এই ক্ষেত্ৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাজেন গোহাঁয়ে । ৰাজেন গোহাঁইয়ে সংবাদ মাধ্যমৰ সন্মুখত ৰূপক শৰ্মাক ৰাস্তাৰ পৰা ৰাজনীতিলৈ অনা বুলি মন্তব্য কৰা উপৰিও তেওঁ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হলে আন কোনো প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে বুলিও মন্তব্য কৰে ৷ এই মন্তব্যৰ প্ৰতিক্ৰিয়াত বিধায়ক গৰাকীয়ে ৰাজেন গোহাঁই বিজেপিৰ বহু পুৰণি আৰু দলটোৰ বাবে কষ্ট কৰা নেতা বুলি মন্তব্য কৰাৰ লগতে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী পদত অধিস্থিত কৰাটোহে নিৰ্বাচনৰ প্ৰধান লক্ষ্য বুলি মন্তব্য কৰে ৷ ৰাজনৈতিক জীৱনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অৰিহণা থকা বুলি স্বীকাৰ কৰিলেও বিধায়ক হোৱাৰ পূৰ্বৰে পৰা সামাজিক আৰু সাংস্কৃতিক জগতখনৰ বাবে কাম কৰি নিজে প্ৰতিষ্ঠা লাভ কৰিছে বুলি প্ৰকাশ কৰে ৷ লগতে তেওঁ নিজে সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব বিচৰা নাই বুলিও উল্লেখ কৰে ৷ ৰূপক শৰ্মাই কয় ভাৰতীয় জনতা পাৰ্টিয়ে যি সিদ্ধান্ত লয় প্ৰতিজন কৰ্মীয়ে সেয়া মানি ল'বলৈ বাধ্য ৷
বিধায়ক গৰাকীয়ে বিধানসভা নিৰ্বাচনতকৈ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে অধিক ভোট লাভ কৰিব বুলিও বিধায়ক গৰাকীয়ে আত্মবিশ্বাস প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details