অসম

assam

ETV Bharat / state

নগাঁৱত ৰাজনৈতিক নেতাৰ শক্তি প্ৰদৰ্শনৰ অঘোষিত প্ৰতিযোগিতা - RUPAK SHARMA , Padyut Bordoloi Submitted in Nagaon

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নগাঁৱত মনোনয়ন পত্ৰ দাখিলৰ জোৱাৰ

Nagaon

By

Published : Mar 27, 2019, 12:09 AM IST

নগাঁও ,26 মাৰ্চ : অন্ত পৰিল নগাওঁ লোকসভা সমষ্টিৰ মনোনয়ন দাখিলৰ সময় । মুঠ সাতগৰাকীকৈ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন । কংগ্ৰেছ বিজেপিৰ শক্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতাই একপ্ৰকাৰ স্তব্ধ কৰিলে নগাঁৱৰ জনজীৱন । মনোনয়ন দাখিলৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ আশীষ লোৱাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই আশীষ ললে মন্দিৰত পূজা অৰ্চনা কৰি।

নগাঁৱত ৰাজনৈতিক নেতাৰ শক্তি প্ৰদৰ্শনৰ অঘোষিত প্ৰতিযোগিতা


ৰাজনৈতিক নেতাৰ শক্তি প্ৰদৰ্শনৰ যেন এক অঘোষিত প্ৰতিযোগিতা অনুষ্ঠিত হ'ল নগাঁৱত। মঙ্গলবাৰৰ দিনটো আছিল নগাওঁ লোকসভা সমষ্টিৰ মনোনয়ন দাখিলৰ অন্তিম দিন। অন্তিম দিনাই নগাঁৱৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত সাতগৰাকীকৈ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন। কিন্তু কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থী দুগৰাকী অৱতীৰ্ণ হল শক্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতাত । প্ৰথমে কেবাসহস্ৰাধিক সমৰ্থকক লগত লৈ এক বৃহৎ সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা । প্ৰাৰ্থী গৰাকীক সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সহ কেইবাজনো বিজেপি বিধায়কে।


বিজেপি প্ৰাৰ্থীয়ে শক্তি প্ৰদৰ্শন কৰাৰ পাচতে মনোনয়ন দাখিল কৰিবলৈ দলে বলে উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। বৰদলৈৰ লগত সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। বিজেপিক প্ৰতাৰক , বিশ্বাসঘাটক আখ্যা দি এইবাৰ বিজেপিক ৰাইজে পৰাভূত কৰিব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা ৰিপুন বৰাই।
দুয়োটা ৰাজনৈতিক দলৰ এই শক্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতাত মঙ্গলবাৰৰ দিনটোত এক প্ৰকাৰ স্তব্ধ হৈ পৰে নগাঁৱৰ জনজীৱন।আনহাতে ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী সকান্ত মজুমদাৰ, তৃণমূল কংগ্ৰেছৰ সহদেৱ দাস, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেলৰ গোলাপী শইকীয়া, পূৰ্বাঞ্চল জনতাৰ আজগৰ আলী আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জাকিৰ হুছেইনে মনোনয়ন দাখিল কৰে।

ABOUT THE AUTHOR

...view details