অসম

assam

ETV Bharat / state

নিৰ্বাচনত মদ মাংস বিতৰণ কংগ্ৰেছৰ পৰম্পৰাঃ ৰূপক শৰ্মা

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাই বিধায়ক ৰূপক শৰ্মাৰ বিস্ফোৰক মন্তব্য। নিৰ্বাচনত মদ মাংস বিতৰণ কৰা কংগ্ৰেছৰ পৰম্পৰা। তিৱা স্বায়ত্বশাসিত পৰিষদ বিজেপিয়ে দখল কৰিব বুলি দৃঢ় বিশ্বাসী বিধায়ক ৰূপক শৰ্মা।

rupak_sarma_on_tiwa_election
নিৰ্বাচনত মদ মাংস বিতৰণ কংগ্ৰেছৰ পৰম্পৰাঃ ৰূপক শৰ্মা

By

Published : Dec 17, 2020, 9:23 PM IST

নগাঁও, 17 ডিচেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অধীনৰ পুখুৰী পাৰ তিৱা স্বায়ত্বশাসিত পৰিষদ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল বিধায়ক ৰূপক শৰ্মাই। ভোটগ্ৰহণৰ দিনটোতো পুখুৰী পাৰ পৰিষদীয় সমষ্টিত উপস্থিত হৈ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে বিধায়ক ৰূপক শৰ্মাই।

নিৰ্বাচনত মদ মাংস বিতৰণ কংগ্ৰেছৰ পৰম্পৰাঃ ৰূপক শৰ্মা

নিৰ্বাচনত মদ মাংস বিতৰণ কৰাটো কংগ্ৰেছৰ পৰম্পৰা বুলি বিস্ফোৰক মন্তব্য কৰি কংগ্ৰেছৰ সভাত এতিয়া মানুহ নাযায় কাৰণে ৰিপুন বৰাই গান গোৱা পাৰ্টি লগত লৈ সভা কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । ৩৬ পৰিষদীয় সমষ্টিৰ ৩০ খনতকৈ অধিক আসন বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰিলে বিধায়ক ৰূপক শৰ্মাই।
লগতে পঢ়ক: আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details