অসম

assam

ETV Bharat / state

বিদ্যালয় গৃহত শিক্ষা বিষয়াৰ নৈশভোজক অভিষন্ধিমূলক ষড়যন্ত্ৰ আখ্যা খণ্ড শিক্ষা বিষয়াৰ

নগাঁও জিলাৰ ৰূপহী শিক্ষাখণ্ডৰ অন্তৰ্গত কনুৱামাৰী বি চি দাস মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে নিশা সান্ধ্য আইন উলংঘন কৰি নৈশ ভোজৰ আয়োজন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ । খোদ শিক্ষা বিষয়াৰ এনে কাণ্ডত লজ্জানত হৈছিল শৈক্ষিক মহল । উক্ত সমগ্ৰ ঘটনা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰচাৰ হোৱাৰ পাছতে শনিবাৰে সংবাদমেল সম্বোধন কৰি উক্ত অভিযোগ খণ্ডন কৰে ৰূপহী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া প্ৰাণজিত শইকীয়াই ।

rupahihat-block-primary-education-officer-press-meet
বিদ্যালয় গৃহত শিক্ষা বিষয়াৰ নৈশভোজ: এইয়া অভিসন্ধিমূলক ষড়যন্ত্ৰ বুলি আখ্যা খণ্ড শিক্ষা বিষয়াৰ

By

Published : Aug 22, 2021, 2:07 PM IST

নগাঁও, 22 আগষ্ট :নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত কনুৱামাৰীৰ বি চি দাস মধ্য ইংৰাজী বিদ্যালয়ত শুকুৰবাৰে সন্ধিয়া শিক্ষা বিষয়াসহ কৰ্মচাৰী আৰু একাংশ লোকে পাৰ্টী কৰা বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল ৷ এইয়া এক অভিসন্ধিমূলক ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছে ৰূপহী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া প্ৰাণজিৎ শইকীয়াই । চামগুৰিৰ বাজিয়াগাঁৱত অৱস্থিত ৰূপহী প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত শনিবাৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰাণজিৎ শ‌ইকীয়াই এখন সংবাদমেল অনুষ্ঠিত কৰি উক্ত বিষয়ৰ স্পষ্টীকৰণ দিয়ে ৷

খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰাণজিৎ শ‌ইকীয়াই সংবাদমেল কয় যে, শুকুৰবাৰে নিশা কনুৱামাৰী বি চি দাস মধ্য ইংৰাজী বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক অজিত কুমাৰ ভট্টাচাৰ্যই অৱসৰ গ্ৰহণ কৰাৰ পাছত দুগৰাকী শিক্ষকৰ মাজত প্ৰধান শিক্ষকৰ পদবীক লৈ এক সংঘাতৰ সৃষ্টি হৈছিল ৷ পূৰ্বৰ প্ৰধান শিক্ষক অজিত কুমাৰ ভট্টাচাৰ্যই কণিষ্ঠ শিক্ষক গোসাই চন্দ্ৰ দাসক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ কৰিছিল । ইপিনে বিভাগীয়ভাৱে জ্যেষ্ঠ শিক্ষয়িত্ৰী মিনতি আচাৰ্যক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল বুলি শিক্ষা বিষয়াগৰাকীয়ে ব্যক্ত কৰে ।

বিদ্যালয় গৃহত শিক্ষা বিষয়াৰ নৈশভোজ: এইয়া অভিসন্ধিমূলক ষড়যন্ত্ৰ বুলি আখ্যা খণ্ড শিক্ষা বিষয়াৰ

প্ৰধান শিক্ষকৰ পদবীক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত দুটা ফৈদৰ সৃষ্টি হৈছিল । স্থানীয় একাংশ ৰাইজে গোসাই চন্দ্ৰ দাসকে প্ৰধান শিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰিবলৈ ৰূপহী প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ লগতে নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ ওচৰত দাবী জনাইছিল ।

এই সংঘাতক কেন্দ্ৰ কৰি গোসাই চন্দ্ৰ দাসৰ সমৰ্থনত থকা একাংশ ৰাইজে বিদ্যালয়খনৰ কাৰ্যালয়ত তলা লগাই বিতৰ্কৰ সৃষ্টি কৰিছিল । বিদ্যালয় বন্ধ থকাত লগতে কাৰ্যালয়ত তলা লগোৱাৰ ফলত কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে অহা মধ্যাহ্ন ভোজনৰ চাউল তিনিমাহ ধৰি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মিনতি আচাৰ্য‌ই বিতৰণ কৰিব পৰা নাছিল ।

লগতে পঢ়ক :ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰি আৰক্ষীৰ জালত দুই দালাল

বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে বিদ্যালয়ৰ বেংক পাছবুককে ধৰি আন আন নথিপত্ৰ গোসাই চন্দ্ৰ দাসৰ হাতত পূৰ্বৰ প্ৰধান শিক্ষকজনে চমজাই যোৱাৰ ফলত বিভাগীয় কাম-কাজ চলোৱাৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হয় ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীগৰাকী । বিদ্যালয়খনত চলি থকা প্ৰধান শিক্ষক কেন্দ্ৰিক যুঁজখনৰ বাবে বিদ্যালয়ৰ গুদাম ঘৰতে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউলসমূহ পচিবলৈ আৰম্ভ কৰিছে বুলি বহু অভিভাৱকে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীক অভিযোগ দাখিল কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

বিদ্যালয় গৃহত শিক্ষা বিষয়াৰ নৈশভোজ: এইয়া অভিসন্ধিমূলক ষড়যন্ত্ৰ বুলি আখ্যা খণ্ড শিক্ষা বিষয়াৰ

লগতে বিভাগীয়ভাৱে দায়িত্বভাৰ অৰ্পণ কৰা প্ৰধান শিক্ষয়িত্ৰী মিনতি আচাৰ্য‌ই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা উপায়ুক্তৰ ওচৰতো এক অভিযোগ পত্ৰ দাখিল কৰিছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে বিদ্যালয়খনত কনুৱামাৰী গাঁও পঞ্চায়তৰ সভাপতি ফৰিদা বেগমৰ পৌৰহিত্যত এক ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল । বিদ্যালয়খনত চলি থকা অৰাজক ব্যৱস্থা তথা মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ ব্যৱস্থা কৰা সন্দৰ্ভত এক সু-মীমাংসাৰ বাবে এই সভাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰাণজিৎ শ‌ইকীয়াই কাৰ্যালয়ৰ কেইগৰাকীমান কৰ্মচাৰী সহিতে উপস্থিত হৈছিল ।

কিন্তু গোসাই চন্দ্ৰ দাসৰ সমৰ্থক একাংশ দুস্কৃতিকাৰীয়ে সভাখনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰি প্ৰাথমিক শিক্ষা বিষয়া শ‌ইকীয়া সহিতে কৰ্মচাৰীসকলক আৱদ্ধ কৰি ৰাখে বুলি সংবাদমেলত উল্লেখ কৰে । উক্ত সভাখনৰ অন্তত বিদ্যালয়খনত অতিথিসকলে চাহ খাবলৈ লোৱাৰ সময়ত একাংশ লোকে আমি পাৰ্টি কৰিছো বুলি অভিযোগ কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে বুলি সংবাদমেলত শিক্ষা বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷

লগতে একাংশ বৈদ্যুতিন সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰি নৈশ সান্ধ্য আইন ভংগ কৰি শিক্ষা বিষয়া সহিতে কৰ্মচাৰীয়ে নৈশ পাৰ্টী কৰিছিল বুলি অভিসন্ধি মূলক বাতৰি পৰিৱেশন কৰালে বুলি শিক্ষা বিষয়াজনে ব্যক্ত কৰে । খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ‌ইকীয়াই চামগুৰি থানাত একাংশ দুষ্কৃতিকাৰীৰ নাম উল্লেখ কৰি এক গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক :কেৰালাত গ্ৰেপ্তাৰ আফগান নাগৰিক আব্বাছৰ হাতত অসমৰ আধাৰ কাৰ্ড

চামগুৰি থানাত শইকীয়াই দাখিল কৰা এজাহাৰ অনুসৰি, শিক্ষা বিষয়াগৰাকী আৰু তেওঁৰ সহকৰ্মচাৰীসকলক দুষ্কৃতিকাৰীসকলে ঘৰলৈ ওভতাৰ সময়ত ৰাজহুৱাভাৱে অপদস্থ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে বুলি উল্লেখ কৰিছে । তেওঁ লগতে আৰক্ষীৰ সহযোগতহে সেই স্থানৰ পৰা নিৰাপদে ওলাই আহিবলৈ সক্ষম হয় বুলিও এজাহাৰত উল্লেখ কৰে ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দাবীদাৰ গোসাই চন্দ্ৰ দাসৰ লগতে কুশল দাস, দুলু পাল, অজয় বৈষ্ণৱ, মিথুন দাস, প্ৰতাপ দাস, উত্তম সূত্ৰধৰ, মুকুল সূত্ৰধৰ আৰু দিলীপ দাসক দুষ্কৃতিকাৰী বুলি উল্লেখ কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈও এজাহাৰত উল্লেখ কৰিছে ।

এজাহাৰৰ প্ৰতিলিপি ইতিমধ্যে নগাঁও জিলা উপায়ুক্ত আৰু নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈও প্ৰেৰণ কৰা হৈছে বুলি শিক্ষা বিষয়াজনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । কনুৱামাৰীৰ বি চি দাস মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অভিযোগ প্ৰতিঅভিযোগৰ প্ৰকৃত সত্য চৰকাৰী উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তেহে পোহৰলৈ আহিব ।

লগতে পঢ়ক :ক’ভিড নীতি ভংগ কৰি বিদ্যালয় গৃহত শিক্ষা বিষয়াৰ নৈশ ভোজ

ABOUT THE AUTHOR

...view details