অসম

assam

ETV Bharat / state

নগাঁৱৰ ৰাজপথত জ্বলিল চলন্ত বাইক

নগাঁৱত বাইক ষ্টান্ট কৰি বিপদত এজন যুৱক । শনিবাৰে নিশা নগাঁও-মৰিগাঁও সংযোগী পথৰ জলময়গাঁৱত এজন যুৱকে বাইক ষ্টান্ট কৰাত চলন্ত অৱস্থাতে বাইকখনত সংঘটিত হয় অগ্নিকাণ্ড ।

নগাঁৱত ৰাজপথত জ্বলিল চলন্ত বাইক
নগাঁৱত ৰাজপথত জ্বলিল চলন্ত বাইক

By

Published : Feb 7, 2021, 5:17 PM IST

নগাঁও, ৭ ফেব্ৰুৱাৰী: নগাঁৱত বাইক ষ্টান্ট কৰি বিপদত এজন যুৱক । শনিবাৰে নিশা নগাঁও-মৰিগাঁও সংযোগী পথৰ জলময়গাঁৱত এজন যুৱকে বাইক ষ্টান্ট কৰাত সংঘটিত হয় অঘটন । চলন্ত অৱস্থাতে বাইকখনত সংঘটিত হয় অগ্নিকাণ্ড ।

ৰাজপথত এইদৰে বাইক ষ্টান্ট কৰাত হঠাৎ অগ্নিপিণ্ডত পৰিণত হয় চলন্ত বাইকখন । কথমপি প্ৰাণ ৰক্ষা পৰে বাইক ষ্টান্ট কৰা যুৱকজনৰ । ইফালে এই ঘটনা সংঘটিত কৰিয়েই ৰাইজৰ ৰোষত পৰাৰ ভয়ত জ্বলন্ত বাইক এৰি পলায়ন কৰে যুৱকজনে ।

উল্লেখ্য যে, একাংশ উদণ্ড যুৱকে এইদৰে ৰাজপথতেই বাইক ষ্টান্ট কৰি নিজৰ লগতে আনকো বিপদত পেলাই আহিছে । এইসকল যুৱকৰ এনে কৰ্ম-কাণ্ডক নাকী লগোৱাতো বাধ্যতামূলক বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:২০২৩ চনৰ ভিতৰত উত্তৰ-পূৱৰ ৬ টা লাইনত চলিব বিদ্যুৎ চালিত ৰে’ল

ABOUT THE AUTHOR

...view details