অসম

assam

ETV Bharat / state

কিয় বাৰে বাৰে বিয়পে অন্ধবিশ্বাস ! - অন্ধবিশ্বাস

মাজে সময়ে একো একোটা অদ্ভূত ধৰণৰ ঘটনা সংঘটিত হয় এইখন অসমত ৷ কৰ'বাত যদি তুলসী গছে পানী খায়, আন কৰ'বাত আকৌ উপজিয়েই শিশুৱে কয় মহা প্ৰলয়ৰ কথা ৷ মুঠতে পাকে-প্ৰকাৰন্তৰে মানুহক বিভিন্ন সময়ত এনেধৰণে আভুৱা ভাৰিব খোজে একাংশই ৷

BATADRAVA RUMOR
কিয় বাৰে বাৰে বিয়পে অন্ধবিশ্বাস !

By

Published : Mar 26, 2020, 12:07 PM IST

বটদ্ৰৱা, 26 মাৰ্চ : যিসময়ত কৰ'ণা ভাইৰাছে বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰিছে, ইটালী, স্পেইন,চীন আদিত বহু অঞ্চল যিসময়ত নিমিষতে মৰিশালীলৈ পৰিণত হৈছে, য'ত এই মহামাৰী ৰোধ কৰাত চিকিৎসা বিজ্ঞান ব্যৰ্থ হৈছে, দেশজুৰি তলাবন্ধ ঘোষণা কৰা হৈছে, তেনেসময়তে এটা উৰাবাতৰিক সৰোগত কৰি অসমৰ ভিন্ন প্ৰান্তত পদুলিয়ে পদুলিয়ে জ্বলিছে চাকি ৷ নগাঁও জিলাৰ ৰাইদঙীয়াতো পদুলিয়ে পদুলিয়ে জ্বলিছে চাকি ৷ কাৰণ এটা খবৰ আহিছে, ক'ৰ পৰা আহিছে, কোনে দিছে এই খবৰ তাৰ সঠিক তথ্য কাৰো হাততে নাই ৷ কিন্তু ৰাইজে শুনিছে, এগৰাকী শিশুৱে জন্ম হৈয়ে কৈছে সমগ্ৰ দেশত মহামাৰী ৰূপ ধাৰণ কৰা এই মহা প্ৰলয়ৰ পৰা ৰক্ষা পাবলৈ হ'লে সকলোৱে জ্বলাব লাগিব চাকি-বন্তি । তাৰ পাচতেই হুৱাদুৱা ৷ ধৰ্মৰ নামৰ বহু সময়ত কিছুমান অন্ধ বিশ্বাসকো আঁকোৱালি লোৱা একাংশ লোকে আৰম্ভ কৰি দিলে চাকি জ্বলোৱা পৰ্ব ৷

কিয় বাৰে বাৰে বিয়পে অন্ধবিশ্বাস !

দেখা গৈছে যে, বৰ্তমান সময়ত কৰ'ণাৰ ভয়াৱহতাৰ বাবে বন্ধ কৰি ৰখা হৈছে ঈশ্বৰৰ ঘৰৰ দুৱাৰো ৷ তাৰ পিচতো কিন্তু অন্ধবিশ্বাসক আওকাণ কৰিব পৰা নাই ৰাইজে ৷ যিসময়ত প্ৰশাসনে বান্ধি দিয়া নীতি অনুসৰি সজাগতামূলক ব্যৱস্থা ল'বলৈয়ে একাংশ অপাৰগ,তেনেস্থলত এইধৰণৰ কৰ্মকাণ্ড কিমান যুক্তিপূৰ্ণ ৷ ৰাইজে এইধৰণৰ বিশ্বাস মানি লোৱাতকৈও গুৰুত্বপূৰ্ণ বিষয়টো হ'ল কোনে,কি অভিসন্ধিৰে বিয়পাই এনে উৰাবাতৰি ৷ বৰ্তমান সময়ত উৰাবাতৰিত ভোল যোৱাতকৈ সজাগতামূলক ব্যৱস্থা লোৱাতোহে ৰাইজৰ বাবে মংগলজনক হ'ব ৷

লগতে পঢ়ক : সৰুসজাইত নিৰ্মাণ আছুতীয়া কক্ষ নিৰ্মাণ চৰকাৰৰ

ABOUT THE AUTHOR

...view details