অসম

assam

ETV Bharat / state

শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবী আৰ টি আই কৰ্মীৰ

পুনৰ বিৰ্তকত শিলাদিত্য দেৱ ৷ সাম্প্ৰদায়িক মন্তব্য প্ৰদান তথা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত বিধায়ক গৰাকীক গ্ৰেপ্তাৰৰ দাবী আৰ টি আই কৰ্মী আব্দুল জলিল আকন্দৰ ৷

MLA Shiladitya dev controversy
শিলাদিত্য দেৱৰ বিৰুদ্ধে সোচ্চাৰ আৰ টি আই কৰ্মী

By

Published : Jun 14, 2020, 4:41 PM IST

নগাঁও , 14 জুনঃ সাম্প্ৰদায়িক মন্তব্যৰে প্ৰায়েই শিৰোনামা দখল কৰা হোজাইৰ বিধায়ক শিলাদিত্য দেৱ পুনৰ সোমাই পৰিছে বিৰ্তকৰ মাজত ৷ এইবাৰ বিতৰ্কিত বিধায়ক গৰাকীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে নগাঁৱৰ এগৰাকী আৰ টি আই কৰ্মী ৷ বিধায়ক জনৰ বিৰুদ্ধে গুৱাহাটীৰ নুনমাটিত সংঘটিত নৃশংস হত্যাকাণ্ডক ধৰ্মীয় ৰাজনীতি কৰাৰ উদ্দেশ্যে সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে নগাঁৱৰ আৰ টি আই কৰ্মী আব্দুল জলিল আকন্দই ৷

পুনৰ বিৰ্তকত শিলাদিত্য দেৱ

বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে মানসিক ৰোগী আখ্যা দি মানসিক চিকিৎসা কৰোৱাৰ বাবে চৰকাৰক আহ্বান জনায় আৰ টি আই কৰ্মীগৰাকীয়ে ৷ আৰ টি আই কৰ্মী গৰাকীৰ অভিযোগ , নুনমাটিৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছিল বিধায়ক গৰাকীয়ে ৷ উল্লেখ যোগ্য , পূৰ্বেও কেইবাবৰো বিধায়ক গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ ৷

লগতে পঢ়কঃজম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰঃ নিহত সেনা জোৱান

ABOUT THE AUTHOR

...view details