গাঁও, ২২ মে': কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত উদ্ধাৰ এটা ঢেকীয়াপটীয়া বাঘ । শুকুৰবাৰে পুৱা উদ্যানখনৰ বুঢ়াপাহাৰ ৰেঞ্জৰ জনতা বন শিবিৰ এলেকাত উদ্ধাৰ হয় বাঘৰ মৃতদেহটো ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত ঢেকীয়াপটীয়া - Royal Bengal Tiger Deadbody Found at Kaziranga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জত মৃত ঢেকীয়াপটীয়া বাঘ উদ্ধাৰ । অন্য বাঘৰ সৈতে হোৱা যুঁজত মৃত্যুৰ সন্দেহ কৰ্তৃপক্ষৰ ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত ঢেকীয়াপটীয়া
প্ৰায় দুইবছৰীয়া বয়সৰ ঢেকীয়াপটীয়া বাঘটোৰ মৃত্যু আন বাঘৰে সৈতে হোৱা যুঁজত মৃত্যু হোৱা বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰে । ঘটনাস্থলীতে বাঘটোৰ মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰাৰ পাচত দাহ কৰা হয় মৃত বাঘটো ।