কলিয়াবৰ, ২ মাৰ্চ : কলিয়াবৰত ওলাইছে ঢেকীয়াপটীয়া বাঘ । কলিয়াবৰৰ দুটা স্থানত ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ খবৰ লাভ কৰা হৈছে (free movement of Royal Bengal Tiger at Kaliabor) । শিলঘাটৰ ত্ৰিশূলধাৰীৰ স্থানীয় লোকে বাঘ প্ৰত্যক্ষ কৰি এই দৃশ্য বন্দী কৰিলে মোবাইল ফোনৰ কেমেৰাত (Royal Bengal Tiger at Kaliabor tea garden) । কলিয়াবৰ চাহ বাগিচাত বনৰজাৰ আতংক অব্যাহত থকাৰ সময়তে শিলঘাটৰ ত্ৰিশূলধাৰীতো বিচৰণ কৰিছে ঢেকীয়াপতীয়া বাঘে (Royal Bengal Tiger at Trishuldhary Kaliabor) ।
উল্লেখ্য, কলিয়াবৰ চাহ বাগচাত বিচৰণ কৰি থকা ঢেকীয়াপতীয়া বাঘটো পাহাৰলৈ খেদি পঠাবৰ বাবে কলিয়াবৰ চাহ বাগিচাৰ মাজে মাজে বন বিভাগে অভিযান অব্যাহত ৰাখিছে । ইতিমধ্যে শিলঘাট-কামাখ্যা পথত পথাচাৰীৰ নিৰাপত্তাৰ বাবে পহৰা দিয়াৰ ব্যৱস্থা কৰিছে বন বিভাগে (forest department operation to Royal Bengal Tiger) । একে সময়তে শিলঘাটৰ ত্ৰিশূলধাৰী অঞ্চলত পুনৰ এটা ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি থকাৰ দৃশ্য মোবাইলৰ কেমেৰাত বন্দী হোৱাৰ খবৰ লাভ কৰাত স্বাভাৱিকতে অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে ।
স্থানীয় বাসিন্দাৰ ভাষ্য অনুযায়ী বিগত কিছুদিন ধৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচাত ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰিছে । যাৰ বাবে স্থানীয় লোকসকল তীব্ৰ আতংকত ভুগিছে । বিগত কেইবাদিনো ধৰি সন্ত্ৰাস চলাই আহিছে বনৰজাই । খাদ্যৰ সন্ধানতে বনৰজাই বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বুলি অনুমান কৰা হৈছে । আনহাতে, বাঘটো পাহাৰলৈ খেদি পঠাবলৈ তৎপৰ হৈ পৰিছে বন বিভাগৰ লোক । উল্লেখ্য যে বিগত কিছুদিন ধৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচাত ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰিছিল ।