চামগুৰি,16 এপ্ৰিল : বৃহস্পতিবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় অসমীয়া নৱবৰ্ষ অৰ্থাৎ ৰঙালী বিহুৰ প্ৰথমটো দিন ৷ ইয়াৰ লেখীয়াকৈ নগাঁৱতো উলহ-মালহেৰে উদযাপন কৰা হয় হেঁপাহৰ বিহুটি ৷ পহিলা বহাগৰ দিনাই অসমীয়া জাতিৰ পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা কৰিছে নগাঁৱৰ এখন গাঁৱে ৷
পহিলা বহাগত ঘৰে ঘৰে গৈ মাহ-হালধি সানিলে দৰঙীয়াল গাঁৱৰ গঞাই - bihu celebration at chakalaghat
ৰঙালী বিহুৰ প্ৰথমটো দিনত সাতামপুৰুষীয়া মা-হালধি সনা পৰম্পৰা ৰক্ষা নগাঁৱৰ চকলাঘাট দৰঙীয়াল গাঁৱৰ গাঁওবাসীৰ ৷ ডেকা-বুঢ়া সকলোৱে ঘৰে ঘৰে গৈ ইজনে আনজনৰ গাত মা-হালধি সানি উদযাপন কৰে পহিলা বহাগ ৷
![পহিলা বহাগত ঘৰে ঘৰে গৈ মাহ-হালধি সানিলে দৰঙীয়াল গাঁৱৰ গঞাই rongali-bihu-celebration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11420112-thumbnail-3x2-n.jpg)
মা-হালধি সনা পৰম্পৰা
মা-হালধি সনা পৰম্পৰা
মা-হালধিৰ ৰঙেৰে ৰাঙলী নগাঁৱৰ চকলাঘাট দৰঙীয়াল গাঁওখন । বিহু উপলক্ষে গাঁওখনৰ লোকসকলৰ প্ৰধান উদ্দেশ্য হৈছে ঘৰে ঘৰে গৈ ইজনে আনজনৰ গাত মা-হালধি সনা ৷ আইতাৰ পৰা নাতি, জীয়ৰীৰ পৰা বোৱাৰীৰ লগতে গাঁৱৰ ডেকা সকলোৱে নতুন ৰঙেৰে ৰাঙলী হৈ বিহুৰ আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হৈছে । সাতামপুৰুষীয়া এই মা-হালধি সনা পৰম্পৰা জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰতিবছৰে এই নিয়ম পালন কৰি আহিছে গাঁওবাসীয়ে ৷
লগতে পঢ়ক :পহিলা ব'হাগত এপাক নাচিলে সাংসদ দিলীপ শইকীয়াই