নগাঁও, 26 এপ্ৰিল :নগাঁৱৰ ৰহাত সংঘটিত চাঞ্চল্যকৰ চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ আজিও সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ যোৱা বৃহস্পতিবাৰে নগাঁৱৰ ৰহাৰ খাইগড়ৰ প্ৰকাশ বৰঠাকুৰৰ নামৰ লোকজনৰ বাসগৃহত বনকৰা কিশোৰী হিচাপে থকা চুমিলা ৰংহাংপীৰ মৃতদেহ অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছিল সচেতন মহলৰ লগতে বিভিন্ন দল সংগঠন।
প্ৰকাশ বৰঠাকুৰৰ পৰিয়ালটোৱে কিশোৰীগৰাকীক জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁও আৰু ৰহা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পৰিয়ালটোৰ মুৰব্বী প্ৰকাশ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক। ঘটনা সন্দৰ্ভত নয়নজ্যোতি বৰঠাকুৰৰ মাতৃকো ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ।