নগাঁও,29 মেঃ চামগুৰিৰ বৰমা বজাৰত উত্তপ্ত পৰিস্থিতি ৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই এখন সভালৈ গৈ থকাৰ অৱস্থাত নেতা দুগৰাকীৰ ওপৰত সংঘটিত হয় আক্ৰমণৰ ঘটনা ৷ আক্ৰমণ সংঘটিত হোৱাৰ স্থানত চলি আছিল বিজেপিৰ বিজয় উৎসৱ ৷ তেনেসময়তে, দুয়োটা দলৰ কৰ্মী সকলৰ মাজত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ আৰম্ভ হয় ৷ একাংশ বিজেপি কৰ্মীয়ে বিধায়ক দুজন উঠি যোৱা বাহনত আক্ৰমণ চলাই ৷
'নুৰুল হুদা আৰু মোক হত্যাৰ পৰিকল্পনা কৰা হৈছে': ৰকিবুল হুছেইন - চামগুৰি
নগাঁৱৰ চামগুৰিত সংঘটিত ৰাজনৈতিক হিংসাৰ পাচতেই ৰকিবুল হুছেইনৰ সংবাদমেল ৷ সংবাদমেলত বিজেপি কৰ্মীয়ে হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগ ৰকিবুল হুছেইনৰ ৷
!['নুৰুল হুদা আৰু মোক হত্যাৰ পৰিকল্পনা কৰা হৈছে': ৰকিবুল হুছেইন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3418657-thumbnail-3x2--hh.jpg)
'নুৰুল হুদা আৰু মোক হত্যাৰ পৰিকল্পনা কৰা হৈছে': ৰকিবুল হুছেইন
'নুৰুল হুদা আৰু মোক হত্যাৰ পৰিকল্পনা কৰা হৈছে': ৰকিবুল হুছেইন
ঘটনা সংঘটিত হোৱাৰ পাচতে এখন সংবাদমেলৰ আয়োজন কৰে ৰকিবুল হুছেইনে ৷ সংবাদমেলত ৰকিবুল হুছেইনৰ অভিযোগ একাংশ অপৰাধীৰ জৰিয়তে ৰকিবুল হুছেইন আৰু নুৰুল হুদাক হত্যাৰ পৰিকল্পনা কৰিছে বিজেপি কৰ্মীয়ে ৷