অসম

assam

By

Published : Feb 28, 2021, 5:53 PM IST

Updated : Feb 28, 2021, 8:11 PM IST

ETV Bharat / state

চামগুৰিত ৰকিবুল হুছেইনৰ নিৰ্বাচনী কুচকাৱাজ

দেওবাৰে দুপৰীয়াৰ ভাগত নিজ সমষ্টি চামগুৰিত উপস্থিত হয় জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা গৃহ সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন ৷ নামনি অসমত কংগ্ৰেছৰ বহুকেইটা "অসম বচাও অভিযান"ত অংশগ্ৰহণ কৰি চামগুৰি সমষ্টিত উপস্থিত হোৱা নেতা গৰাকীয়ে বিজেপিক কটাক্ষ কৰি কয়, বিজেপি দলে যি ১০০+ৰ কথা কৈছে, সেইয়া পেট্ৰল',দাইল, মিঠাতেলকে আদি কৰি বিভিন্ন সামগ্ৰীৰ ১০০+ মূল্যবৃদ্ধিৰ কথাহে কৈছে ৷

চামগুৰিত ৰকিবুল হুছেইনৰ নিৰ্বাচনী কুচকাৱাজ
চামগুৰিত ৰকিবুল হুছেইনৰ নিৰ্বাচনী কুচকাৱাজ

চামগুৰি,28 ফেব্ৰুৱাৰী:নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাচতেই নগাঁও জিলাৰ চামগুৰি সমষ্টিত কংগ্ৰেছ দলে যুদ্ধকালীন প্ৰস্তুতিৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এখন দলীয় সভাত অংশগ্ৰহণ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা গৃহ সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে। নামনি অসমত কংগ্ৰেছৰ বহুকেইটা "অসম বচাও অভিযান"ত অংশগ্ৰহণ কৰি দেওবাৰে দুপৰীয়াৰ ভাগত নিজ সমষ্টি চামগুৰিত উপস্থিত হয় জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে । আগন্তুক নিৰ্বাচনৰ বাবে দলীয় কেতবোৰ নীতি নিৰ্দেশনা সম্পৰ্কে ব্লকটোৰ দুই শতাধিক কৰ্মীৰ সৈতে এক আলোচনাত মিলিত হয় বিধায়ক গৰাকী ।

চামগুৰিত ৰকিবুল হুছেইনৰ নিৰ্বাচনী কুচকাৱাজ

উল্লেখ্য যে, শেহতীয়াকৈ বি.পি.এফৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে বিধায়কগৰাকী ৷ বি.পি.এফ দলে মহজোটত চামিল হোৱাৰ কথা ঘোষণা কৰাৰ পাচতে কংগ্ৰেছে মিচন ১০০+ৰ লগতে বি.পি.এফৰ ১২খন আসন যোগ হ'ল বুলি স্পষ্ট কৰে । ইফালে মহাজোট হ'লে কংগ্ৰেছৰ কোনো চিটিং বিধায়ক বাদ পৰিবনে নপৰে এই কথা পোনচাতেই সদৰি নকৰি বিধায়ক ৰকিবুল হুছেইনে মহাজোটৰ সৰ্বদলীয় সভাইহে সিদ্ধান্ত ল'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

ইফালে, অসমলৈ অহা তেজশ্ৰী যাদবৰ উদ্দেশ্য যোগাত্মক বুলি কৈ তেওঁৰ দলে সহায় কৰিলে কংগ্ৰেছৰ সুবিধা হ'ব বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুছেইনে । কংগ্ৰেছ শাসনলৈ আহিলে মুখ্যমন্ত্ৰীৰ কোন হ'ব বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে কয়, মহাজোটত চৰকাৰ গঠন হ'লেও মুখ্যমন্ত্ৰী কিন্তু কংগ্ৰেছ দলৰে হ'ব ৷ মহাজোটত থকা সকলো দলৰে আলোচনা মৰ্মে হাইকামাণ্ডে মুখ্যমন্ত্ৰী সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ৷

আনহাতে, অসম জাতীয় পৰিষদ মিত্ৰজোটত থাকক বা নাথাকক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ বুলি কোৱাৰ লগতে বিজেপি দলে যি ১০০+ৰ কথা কৈছে সেইয়া পেট্ৰল',দাইল, মিঠাতেলকে আদি কৰি বিভিন্ন সামগ্ৰীৰ ১০০+ মূল্যবৃদ্ধিৰ কথাহে কৈছে বুলি বিজেপিক কটাক্ষ কৰে বিধায়ক ৰকিবুল হুছেইনে ।


লগতে পঢ়ক:৫ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

Last Updated : Feb 28, 2021, 8:11 PM IST

ABOUT THE AUTHOR

...view details