নগাঁও, 13 মে' : বহিঃৰাজ্যৰ পৰা আহিবলগীয়া নগাঁৱৰ শ্ৰমিকক হোম কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে চামগুৰিত অতিৰিক্ত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰি কোৱাৰেণ্টাইন কৰাৰ আহ্বান জনাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ মংগলবাৰে বিৰোধী দলৰ উপ দলপতি তথা বিধায়ক ৰকিবুল হুছেইনে চামগুৰিৰ বাজিয়াগাঁও স্থিত ব্লক কংগ্ৰেছৰ কাৰ্যালত এখন সংবাদমেল সম্বোধন কৰি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিভিন্ন অঞ্চললৈ আহিব লগীয়া শ্ৰমিক তথা আন লোক সকলক হোম কোৱাৰেন্টাইন কৰাৰ পৰিৱৰ্তে সমষ্টিৰ বিভিন্ন স্থানত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান জনায় ৷
সমষ্টিটোত বৰ্তমান নিৰ্ধাৰিত কৰা কোৱাৰেন্টাইন কেন্দ্ৰ সমূহৰ উপৰিও আন বহু কেইটা ৰাজহুৱা ভৱনক কোৱাৰেন্টাইন কেন্দ্ৰলৈ পৰিৱৰ্তন কৰিবলৈ বিধায়ক গৰাকীয়ে নগাঁও জিলাৰ উপায়ুক্তক প্ৰস্তাৱ দিয়াৰ কথা উল্লেখ কৰে ৷ লগতে কেন্দ্ৰ সমূহত প্ৰয়োজনীয় শৌচালয় নিৰ্মাণ কৰাৰ দ্বায়িত্ব সমষ্টিটোৰ কংগ্ৰেছী নেতা-কৰ্মী সকলে ল'ব বুলি ৰাজহুৱা ভাবে সদৰি কৰে বিধায়ক গৰাকীয়ে ৷
আনকি, ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত প্ৰস্তাৱিত কোৱাৰেনটাইন কেন্দ্ৰ সমূহত থাকিব লগীয়া লোক সকলৰ খোৱা-বোৱা ব্যৱস্থাও সৰুসজাইৰ দৰেই সুন্দৰ ভাবে দলৰ ফালৰ পৰা কৰি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷