নগাঁও, 29 জুলাই :এইবাৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ মুখত গিৰিয়েক-ঘৈণীয়েকৰ সংসাৰ ভঙা পতাৰ প্ৰসংগ । শুক্ৰবাৰে নগাঁৱৰ নিজা বাসভৱনত এক সংবাদ মেলৰ আয়োজন কৰি কিদৰে এখন সংসাৰ ভাঙি চুৰমাৰ হয়, তাৰ ব্যাখ্যা দাঙি ধৰিলে বিৰোধী দলৰ উপ-দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে (Rockybul hussain press conference in Nagaon)।
অযথা সন্দেহে এখন সংসাৰ ভাঙি পেলোৱাৰ উদাহৰণ দি ৰাষ্ট্ৰপতি নিৰ্বাচনত হোৱা ক্ৰছ ভোটিং সন্দৰ্ভত মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । ক্ৰছ ভোটিঙৰ নামত বিৰোধীয়ে কংগ্ৰেছত ভাঙোন আনিব বিচাৰিছে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে (Rockybul Hussain comments on cross voting) ৷ লগতে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয় দলীয় মজিয়াতে আলোচনা কৰাৰ কথাও উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।