নগাঁও, 22 জানুৱাৰী :সমাগত অসম বিধান সভাৰ নিৰ্বাচন ৷ যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই ৰাজনৈতিক নেতা সকলৰ মাজত আৰম্ভ হৈছে বাক যুদ্ধ ৷ কংগ্ৰেছ আৰু AIUDF ৰ মাজত আনুষ্ঠানিক মিত্ৰতা হোৱাৰ পাছতেই মিত্ৰজোঁট শাসকীয় বিজেপি দলে কংগ্ৰেছক কৰিছিল চোকা সমালোচনা আৰু ইয়াৰ পাছতেই নগাঁৱত মিত্ৰতা সন্দৰ্ভত ৰকিবুল হুছেইনৰ মন্তব্য ৷ শাসকীয় বিজেপি দলে ৰাইজৰ হকে কোনো কাম নকৰাৰ বাবেই এতিয়া চাইকেল, বাইক চলাই নিৰ্বাচনী প্ৰচাৰ চলাব লগীয়া হৈছে । বিজেপিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আছে অসমৰ ৰাইজ ৷ অসমত কংগ্ৰেছৰ নেতৃত্বত বিজেপি বিৰোধী চৰকাৰ হ'ব । বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ অসমৰ ৰাইজে এতিয়া মাত্ৰ নিৰ্বাচনলৈহে অপেক্ষা কৰি আছে ৷ এনেদৰে নগাঁৱত মন্তব্য কৰিছে কংগ্ৰেছী নেতা গৰাকীয়ে ৷
অসমত কংগ্ৰেছৰ নেতৃত্বত বিজেপি বিৰোধী চৰকাৰ হ'ব : ৰকিবুল হুছেইন
কংগ্ৰেছ আৰু AIUDF ৰ মাজত আনুষ্ঠানিক মিত্ৰতা হোৱাৰ পাছতেই মিত্ৰজোঁট শাসকীয় বিজেপি দলে কংগ্ৰেছক কৰিছিল চোকা সমালোচনা ৷ তাৰে প্ৰত্যুতৰ দিলে কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে ৷
অসমত কংগ্ৰেছৰ নেতৃত্বত বিজেপি বিৰোধী চৰকাৰ হ'ব : ৰকিবুল হুছেইন
এনেদৰেই এতিয়া ৰাজনৈতিক ক্ষেত্ৰ খনত চলি আছে নিৰ্বাচন কেন্দ্ৰীক বাক্ যুদ্ধ ৷ নিৰ্বাচনী ৰণ দংকা বজাবলৈ সকলো ৰাজনৈতিক দলেই চলাই আছে এখন শীতল যুদ্ধ ৷ বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰ খনত যতেই সুবিধা পাই তাতেই ৰাজনৈতিক নেতা সকলৰ মাজত কথাৰ কটাকটি দেখিবলৈ পোৱা যায় ৷
লগতে পঢ়ক :জোনবিলত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা