অসম

assam

ETV Bharat / state

দুৰ্যোগৰ সময়ত সকলোকে এক হৈ জনতাক সহায়ৰ আহ্বান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

সোমবাৰে নগাঁৱত সাংবাদিকসকলৰ মাজত মাস্ক, টুপী আৰু হেণ্ড গ্লোভ্ছ বিতৰণ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ সংবাদকৰ্মী সকলৰ লগতে চামগুৰিৰ স্বাস্থ্য কৰ্মীৰ মাজতো তেওঁ বিতৰণ কৰে মাস্ক আৰু চেনিটাইজাৰ ৷ ইয়াৰোপৰি ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত দিন হাজিৰা কৰি খোৱা লোক সকলক সহায়ৰ বাবে এখন তালিকা প্ৰস্তুত কৰিবলৈ দায়িত্ব প্ৰদান কৰিছে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলক ৷

By

Published : Mar 23, 2020, 11:24 PM IST

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন
প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন

নগাঁও, 22 মাৰ্চঃবিপজ্জনক সময়তো বাতৰি সংগ্ৰহ কৰাত ব্যস্ত থকা নগাঁৱৰ সাংবাদিকসকলৰ মাজত সোমবাৰে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ যি সময়ত বজাৰত মাস্ক আৰু চেনিটাইজাৰৰ নাটনিয়ে দেখা দিছে তেনে সময়ত বিভিন্নজন আগবাঢ়ি আহিছে বিনামূলীয়া মাস্ক চেনিটাইজাৰ বিতৰণ কৰিবলৈ ৷ সোমবাৰে সন্ধিয়া নগাঁও প্ৰেছ ক্লাৱত উপস্থিত হৈ সাংবাদিকসকলৰ মাজত মাস্ক, টুপী আৰু হেণ্ড গ্লোভ্ছ বিতৰণ কৰাৰ লগতে সকলোকে সজাগ, সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ সংবাদকৰ্মী সকলৰ লগতে চামগুৰিৰ স্বাস্থ্য কৰ্মীৰ মাজতো তেওঁ বিতৰণ কৰে মাস্ক আৰু চেনিটাইজাৰ ৷

দুৰ্যোগৰ সময়ত সকলোকে এক হৈ জনতাক সহায়ৰ আহ্বান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

ইয়াৰোপৰি চৰকাৰে অসমক লক ডাউন ঘোষণা কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত দিন হাজিৰা কৰি খোৱা লোক সকলকো সহায়ৰ বাবে এখন তালিকা প্ৰস্তুত কৰিবলৈ ইতিমধ্যে দায়িত্ব প্ৰদান কৰিছে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলক ৷ লগতে এনে দুৰ্যোগৰ সময়ত সকলোকে এক হৈ জনতাক সহায় কৰিবলৈ আহ্বান জনায় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷

লগতে পঢ়কঃকৰ'ণাতংক : মহানগৰীত অধিক মূল্যত বিক্ৰী মাস্ক

ABOUT THE AUTHOR

...view details